গোহাঁই ফুৰোৱা উৎসৱ

বিশ্বনাথ: আজি গোহাঁই বিহু । বিৰ্গত বৰ্ষবোৰৰ দৰে আজি গুপ্তকাশী বিশ্বনাথ ঘাটত পুৱাৰে পৰা আৰম্ভ হল গোহাঁই ফুৰোৱা উৎসৱ । ১৬৮৬ চনৰ গদাধৰ সিংহৰ দিনৰ পৰা চলি অহা এই গোহাঁই ফুৰোৱা উৎসৱ ।

বিশ্বনাথৰ বিশ্বনাথ দেৱালয়ৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত খোজকাঢ়ি ঢোল তাল লৈ ভক্তপ্ৰান ৰাইজে কিছু সময় পানী ভৰালত ৰাখি তাৰ পাছত বিয়লি বেলা পুনৰ গোহাঁইক বিশ্বনাথ দেৱালয়লৈ ওভোটাই লৈ যাব ।

এই পৰম্পৰা অতীতৰ পৰা চলি আহিছে আৰু ভবিষ্যতেও চলি যাব বুলি উদ্যোগতা সকলে জানিবলৈ দিয়ে । লগতে এই উৎসৱত পানীভৰালত এখন বিশাল মেলা অনুষ্ঠিত হয় আৰু এই মেলাতেই ৰাইজে বছৰটোৰ বাবে মংগল প্ৰাৰ্থনা কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply