বিশ্বনাথঃ বিশ্বনাথৰ কাঠনিবাৰীত সংঘটিত হ’ল এক জঘন্য ঘটনা। মুহিম শৰ্মা নামৰ ৬০ বছৰৰ উৰ্দ্ধৰ এজন লম্পটে নিজ ঘৰৰ সমীপৰে ৭ বছৰীয়া কন্যা শিশুক ফুচুলাই অপকৰ্ম কৰাৰ চেষ্টা।উল্লেখ যে, যোৱা শুকুৰবাৰে ৭ বছৰীয়া কণমানি জনী লম্পট মুহিম শৰ্মাৰ ঘৰৰ সমিপতে বন্ধুৰ সৈতে খেলি থকা অবস্থাত লম্পট মুহিম শৰ্মাই কণমানি জনীক ফুচুলাই অপকৰ্ম সংঘটিত কৰে।

তাৰ পিছত পুনৰ যোৱা কালিও একেদৰে লম্পটজনে কণমানি জনীক মাতে। কিন্তু কণমানি জনীয়ে লম্পটটোৰ কাষত নগৈ নিজ মাতৃক যোৱা নিশা সমস্ত ঘটনাৰ সন্দৰ্ভত জনায়। তেতিয়াহে লম্পট মুহিম শৰ্মাৰ এই অপকৰ্ম কথা পোহৰলৈ আহে।

যাৰ ভিত্তিত আজি পুৱা ৭ বছৰীয়া কণমানি গৰাকীৰ পিতৃ-মাতৃয়ে গাওঁৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজক এই বিষয়ে অৱগত কৰে। তাৰ পিছতে সমগ্ৰ গাওঁবাসী গৰজি উঠিল লম্পট মুহিম শৰ্মাৰ বিৰুদ্ধে। লগে লগে গাওঁবাসীয়ে লম্পট মুহিম শৰ্মাৰ মুখত চূণ সানি ডিঙিত চেণ্ডেলৰ মালা পিন্ধাই গাওঁখনৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোয়ে টিং বজাই গাওঁখনত ঘূৰায়।

তাৰ পিছতে জিনজিয়া আৰক্ষীৰ দল উক্ত স্থানত উপস্হিত হৈ লম্পট টোক গ্ৰেপ্তাৰ কৰে। ইফালে ভুক্তভোগী পৰিয়ালে জিনজিয়া অৰক্ষী থানাত এই সন্দৰ্ভত লম্পট মুহিম শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।

আনহাতে, লম্পট মুহিম শৰ্মাই পূৰ্বতেও গাওঁত এনে ঘটনা সংঘটিত কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। সেয়েহে গাওঁবাসী আৰু ভুক্তভোগীৰ পিতৃ মাতৃৰ দাবী যে লম্পট মুহিম শৰ্মাক আৰক্ষীয়ে ফাঁচী দিয়ক অথবা এনকাউন্টাৰ কৰক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply