জামুগুৰিহাটঃ আলফাৰ সমান্তৰালকৈ বিদ্ৰোহী সংগঠন কমতাপুৰ লিবাৰেচনত অৰ্গেনাইজেচনত (KLO)ত বিশ্বনাথৰ যুৱকৰ যোগদান। চতিয়াৰ বুধুআটীৰ ৩০ বছৰীয়া যুৱকজনৰ নাম কৃষ্ণ ৰায়। জানিব পৰা মতে যুৱকজনে তিনিমাহ পূৰ্বে ঘৰ ত্যাগ কৰিছিল। যুৱকজনে সামৰিক বাহিনীৰ পোছাকত ভিডিঅ’ যোগে ছ’চিয়েল মিডিয়াত বাৰ্তা প্ৰেৰণ কৰাক লৈ এতিয়া সমগ্র বিশ্বনাথত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে পঢ়কঃবাঁহেৰে মৰিয়াই নিজৰ কন্যা সন্তানক তালিবানী শাস্তি বিহিলে মাতৃয়ে
কৃষ্ণ ৰয়ৰ সাত আৰু তিনি বছৰীয়া দুটি পুত্ৰ সন্তানো আছে৷ ১৫ ফেব্ৰুৱাৰী তাৰিখে অৰুণাচলত কাম কৰিম বুলি ঘৰৰ পৰা ওলাই গৈছিল কৃষ্ণ ৰয়৷ তিনিমাহে পত্নীৰ সৈতে কোনো যোগাযোগ নাই কৃষ্ণৰ ৷ পত্নীয়ে শনিবাৰে ভিডিঅ’ দেখিহে নিশ্চিত হয় স্বামী KLO ত যোগদান কৰিছে বুলি৷ নিজ গৃহলৈ ঘূৰি আহিবলৈ পত্নীয়ে কাতৰ আহ্বান জনাইছে স্বামীক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply