বিশ্বনাথঃ বিশ্বনাথ জিলা আবকাৰী বিভাগৰ অভিযানত জব্দ ৯০০ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা।RJ10 GB3405 3405 এখন ট্ৰাকৰ পৰা জব্দ সুৰাখিনি। ট্ৰাকখনে গোৱাৰ পৰা অৰুণাচলৰ হুলংগী,লিকাবালী আৰু তিজুলৈ বিশ্বনাথ চাৰিআলি নগৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে কঢ়িয়াই থকা অৱস্থাত এই বৃহৎ পৰিমাণৰ অবৈধ সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে।
আবকাৰী বিভাগৰ দলটোয়ে অবৈধ ভাবে সুৰাসহ ট্ৰাকখন জব্দ কৰাৰ লগতে গাড়ীখনৰ চালক জনকো আটক কৰে।
আনহাতে ট্ৰাকখনে কঢ়িয়াই লৈ অনা সুৰাখিনিৰ নথি পত্ৰ যোৱা ৩০ মাৰ্চতে বৈধ্যতা সমাপ্ত হৈছিল যদিও সেই নথি লৈ সুৰাখিনি অৰুণাচললৈ লৈ গৈ থকাৰ বাবে জব্দ কৰে অভিযানকাৰী দলে। জব্দ কৰা বিলাসী সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ২০ লাখ থকা হ’ব বুলি জানিবলৈ দিছে আবকাৰী বিভাগে।