বিশ্বনাথত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হ’ল বিশ্বনাথ বালিপুখুৰীৰ সুজল ভূঞা ওৰফে শিৱা ভূঞা নামৰ এটা ড্ৰাগছ মাফিয়া। শুকুৰবাৰে সন্ধ্যা বিশ্বনাথ জিলা আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ ব্যবসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত নিজা বাসগৃহৰ পৰা আটক কৰিছিল শিৱা ভূঞাক।


অঞ্চলটোত এই নিষিদ্ধ ড্ৰাগছ ব্যবসায়ৰ সৈতে জড়িত সেই লোক সকলক চিনাক্ত কৰিবলৈ আৰক্ষীৰ অভিযানকাৰী এটা দলে নিশা ধৃত শিৱা ভূঞাক লৈ গৈছিল।সেই সময়তে শিৱা ভূঞাই বিশ্বনাথৰ পেটেলিবাৰী সমীপতে আৰক্ষীৰ দলটোক বিপথে পৰিচালিত কৰি আৰক্ষীৰ চকুত ধূলি দি গাড়ীৰ পৰা হঠাৎ জাপ দি আন্ধাৰৰ দিশে পলায়ন কৰাৰ চেষ্টা চলাই।

আৰক্ষীয়ে বহুবাৰ ধৃত শিৱা ভূঞাক পলায়ন নকৰিবলৈ কয় যদিও শিৱা ভূঞাই আন্ধাৰৰ সুবিধা লৈ পলায়ন কৰিব লৈওতেই আৰক্ষীয়ে গুলী চালনা কৰে।আৰক্ষীৰ এটা গুলী ধৃত শিৱ ভূঞাৰ বাওঁ ভৰিত লাগে।ইতিমধ্যে ধৃত শিৱা ভূঞাক বিশ্বনাথ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি নিশাৰ ভাগতে চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক- মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ নিহতৰ নিকটাত্মীয়লৈ অসম চৰকাৰৰ অনুকম্পামূলক নিযুক্তি

আনহাতে বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰ নৈৰ পৰা উদ্ধাৰ এজন অচিনাক্ত লোকৰ মৃতদেহ ।
পলিথিনেৰে বান্ধি ৰখা অৱস্থাত বন বিভাগে প্ৰত্যক্ষ কৰাৰ পিছত বিশ্বনাথ ঘাট নদী আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ।

পলিথিনৰে বান্ধি ৰখা অৱস্থাত বন বিভাগে প্ৰত্যক্ষ কৰাৰ পিছত বিশ্বনাথ ঘাট নদী আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। মৃতদেহটো এটা পলিথিনৰে বান্ধি ৰখা অৱস্থাত উদ্ধাৰ কৰে নদী আৰক্ষীয়ে।
মৃতদেহৰ লগতে ১৯ জাঁই গুলী সহ এটা মেগজিন আৰু এখন খুকুৰী লগত পাঁচটা বেগ, পাঁচটা মবাইল সহ বহু সামগ্ৰী উদ্ধাৰ।
বৰ্তমান পৰ্যন্ত উদ্ধাৰ হোৱা মৃতদেহটোৰ কোনো পৰিচয় সম্পৰ্কে জানিব পৰা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply