বিশ্বনাথ : বিশ্বনাথ আৰক্ষীৰ এনকাউণ্টাৰ। বিশ্বনাথ চাৰিআলিৰ ষ্টেডিয়ামৰ ওচৰত পুৱতি নিশা বিশ্বনাথ আৰক্ষীৰ এনকাউণ্টাৰ৷

বিশ্বনাথ আৰক্ষীৰ গুলীত গুৰুত্বৰ ভাৱে আহত হৈছে দুধৰ্ষ ডকাইত তথা বহু অসামাজিক চক্ৰৰে জড়িত জাহিৰ আলী ওৰফে ভূত্তু৷ পুৱতি নিশা প্ৰায় ৩:৩০ বজাত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ
ঘটনা৷

শুকুৰবাৰে নিশা বিশ্বনাথ আৰক্ষীয়ে জালনোট আৰু নকল সোণৰ বিৰুদ্ধে কেইবা ঠাইত অভিযান চলাই পৃথক পৃথক স্থানৰ পৰা জালনোট বনোৱা দুটা মেচিন, জালনোট, সোণৰ মূৰ্ত্তিৰ লগতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল৷ ইয়াৰে অন্যতম আছিল জাহিৰ আলী ওৰফে ভুত্তু৷

লগতে পঢ়ক : মুখ্য মন্ত্ৰী পৰিয়ালৰ ভূ-কেলেংকাৰি; এইয়া tips of the iceberg হে : অখিল গগৈ

আৰক্ষীক কেইবাটাও নকল টকা থকা স্থান দেখুৱাবলৈ লৈ যোৱাৰ সময়ত জাহিৰ আলী পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলী চালনা কৰে। জাহিৰ আলীৰ ভৰিত গুলী লগাত সংকটজনক অৱস্থাত জাহিৰ আলীক তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply