বিশ্বনাথ: দীৰ্ঘদিন ধৰি বিশ্বনাথৰ বিভিন্ন অঞ্চলত গৰু-ছাগলীৰ চোৰে উপদ্ৰৱ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে নিদ্ৰাহৰণ কৰি আহিছে বিশ্বনাথ বাসীক ৷নিশা হোৱাৰ লগে লগে প্ৰতিখন গাঁৱৰপৰা চোৰে বহু পৰিমানৰ গৰু-ছাগলী চোৰ কৰি লৈ যায় ৷

কিন্তু আজি পৰ্যন্ত ধৰা পৰা নাই চোৰসমূহ ৷বিশেষ সূত্ৰৰ পৰা গম পোৱা মতে, ছাগলী চোৰসমূহে বিলাসী বাহনত নিয়ে চুৰি কৰা ছাগলীসমূহ ৷কিন্তু আৰক্ষী প্ৰশাসনক জনোৱাৰ পাছতো আজি পৰ্যন্ত কিয় এটাও চোৰ কৰায়ত্ত কৰিব পৰা নাই সেইটোহে বিচাৰ্যৰ বিষয় ৷


ধাৰাবাহিক ভাৱে চলি থকা এই চৌৰ্য মাৰ নাযাওঁতেই আজি নিশাও পুনৰ বিশ্বনাথৰ মৰলগাঁৱৰ বিশ্বনথীয়া পামৰ মুকুল গগৈৰ ঘৰৰ পৰা চোৰে লুটি নিলে ১০টাকৈ ছাগলী ৷প্ৰায় ৭০-৮০ হাজাৰ টকাৰ মূল্যৰ ৫টাকৈ খাছী পাঠা সহিতে ৪জনী গাভিনী ছাগলী চোৰে লৈ যায় ৷ইফালে,গৃহস্থই জানিব দিয়া অনুসৰি চোৰে নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰি ছাগলী সমূহ চোৰে লৈ যোৱা অভিযোগ ৷

যাৰ বাবে এৰি থৈ যোৱা ছাগলী পোৱালীকেইটা অৱচেনত অৱস্থাত পৰি থকা পৰিলক্ষিত হৈছে ৷ইতিমধ্য,বিশ্বনাথ আৰক্ষীক এইলৈ এখন এজাহাৰ দাখিল কৰিছে যদিও,আৰক্ষীৰ পৰা কোনো যোগাত্মক সহাঁৰি লাভ নকৰিলে ভুক্তভোগী পৰিয়ালে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply