বিশ্বনাথঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবীত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আম আদমী পাৰ্টীৰ বিক্ষোভ কাৰ্যসূচী। ক’ভিডকালীন পৰিস্থিতিত চিকিৎসা সামগ্ৰী যোগানৰ ক্ষেত্ৰত হোৱা কেলেংকাৰীৰ তদন্তৰ আহ্বান জনাই আম আদমী পাৰ্টীৰ বিশ্বনাথ জিলা সমিতিয়ে এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত বিজেপি চৰকাৰ মুৰ্দাবাদ,হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ , ক’ভিড পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ আৰোগ্যনিধিৰ ধনৰ হিচাপ ৰাজহুৱা কৰক, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক ইত্যাদি শ্ল’গানেৰে আকাশ বতাহ কপাই তোলে ।

জিলা দণ্ডাধীশৰ হাতত এই দাবী সমূহৰ সন্দৰ্ভত এখন স্মাৰক পত্ৰও প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে।উক্ত কাৰ্যসূচীত আম আদমী পাৰ্টীৰ বিশ্বনাথ জিলা সমন্বয়ক প্ৰভাত কুমাৰ বৰা,বিশ্বনাথ সমষ্টিৰ সমন্বয়ক দিবজ্যোতি শইকীয়া,বিহালী সমষ্টিৰ সমন্বয়ক বিমান বসু,বিহালী সমষ্টিৰ আহ্বায়ক মুনিদ্ৰ দাস সহ বহু লোকে অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply