বিশ্বনাথ- আজি সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যান সন্থায়ে কৰ্ম বিৰতি পালন কৰাৰ লগতে বিশ্বনাথতো প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যান সন্থাই কৰ্মবিৰতী কাৰ্যসূচী পালন কৰে। আজি পুৱা ছয় বজাৰ পৰা তিনি মাৰ্চ পৰ্যন্ত পালন কৰিব এই সকল জোৱানে।
গৃহৰক্ষী জোৱান সকলৰ দাবী হ’ল অসমৰ গৃহৰক্ষী জোৱন সকলৰ চাকৰি নিয়মীকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা,মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সমান কামৰ সমান দৰমহা আদায় দিয়া আৰু গৃহৰক্ষী জোৱানসকলৰ মকৰলৰ ক্ষেত্ৰত অনলাইন ডেপ্লয়মেন্ট চিষ্টেম অতি সোনকালে বন্ধ কৰা দাবীত এই কৰ্মবিৰতী কাৰ্যসূচী পালন কৰে।
গৃহৰক্ষী জোৱান সকলৰ দাবী সমূহ যদি মানি নলয়,তেনেহলে সমাগত নিৰ্বাচনৰ সময়ত গৃহৰক্ষী জোৱানসকল আৰু তেওঁলোকৰ পৰিয়াল বৰ্গয়ে নিজৰ ভোট বৰ্জন কৰাৰ লগতে নিজৰ কৰ্ত্তব্যও পালন নকৰাৰ হুংকাৰ প্ৰদান কৰিছে।