বিশ্বনাথ- আজি বিশ্বনাথত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে তিনিখনকৈ সভাত অংশ ল’ব।
বিশ্বনাথৰ পাছত দেৰগাওঁ আৰু যোৰহাটতো ৰাজহুৱা সভাত মন্ত্ৰীগৰাকীয়ে অংশ ল’ব।
বিশ্বনাথৰ সাধৰু খেল পথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ ৰাজনাথ সিঙে অসমীয়া ভাষাৰেই অসমবাসীক সম্বোধন কৰে।
৭৬ নং বিধান সভা সমষ্টি বিশ্বনাথৰ বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰতিৰক্ষা মন্ত্রী গৰাকীয়ে।