বিশ্বনাথঃ অতিমাৰী কৰোণাই বেয়াকৈ ক্ষতিগ্ৰস্থ কৰিছে সংগীত, চিনেমা জগতৰ পৰা ভ্ৰাম্যমান থিয়েটাৰ জগতলৈ।
কোৰোণাই সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে সমগ্ৰ পৃথিৱীকে কোঙা কৰি পেলোৱাৰ ফলশ্ৰুতিতে ৰাজ্যৰ বহুলোক আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।
সংগীত জগতৰ পৰা চিনেমা জগত,ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পী,কলা-কুশলীলৈকে সকলোৱে বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হৈছে ৷
আৰু পঢ়কঃঅসাধু ঠিকাদাৰৰ কৱলৰ পৰা সমাজ কল্যাণ বিভাগক মুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীৰ নির্দেশ
বহু শিল্পী,অভিনেতা-অভিনেত্ৰী,কলা-কুশলীৰ ঘৰত চৌকা নজ্বলাৰ উপক্ৰম হৈছে ৷
২২ টা বছৰে থিয়েটাৰকে জীৱিকা হিচাপে লোৱা উত্তৰ অসমৰ একমাত্ৰ বিশ্বনাথৰ পৃথিৰাজ থিয়েটাৰৰ প্ৰযোজক সুৰজিৎ বৰাৰো বৰ্তমানৰ অৱস্থা অতি শোচনীয় ৷
প্ৰায় ১৫০ জন শিল্পী,কলা-কুশলীৰে গঠিত উত্তৰ অসমৰ এখন অতি জনপ্ৰিয় থিয়েটাৰ পৃথিৰাজ থিয়েটাৰ ৷
এতিয়া গুদামতে জহি-খহি গৈছে থিয়েটাৰত ব্যৱহাৰ হোৱা সকলো খিনি সঁজুলি ৷
ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে বহুতো মুল্যৱান সা-সৰঞ্জাম ৷
বিগত বৰ্ষতটোত অভিনেতা-অভিনেত্ৰী সকলক চুক্তিবদ্ধ কৰি আগধন মাননী দিও একমাত্ৰ লকডাউনৰ বাবে চলাব নোৱাৰিলে থিয়েটাৰখন ৷
চলিত বৰ্ষটো অৰ্ধলকডাউন আৰু সান্ধ্যআইনৰ বাবে অনিশ্চয়তাত ভুগিবলগীয়া হৈছে প্ৰযোজক গৰাকী ৷
অতি কষ্টৰে জীৱন-যাপন কৰি আহিছে অভিনেত্ৰী পত্নী দীপশিখা গোহাঁই বৰা আৰু প্ৰযোজক সুৰজিৎ বৰাই ৷
তেওঁলোকৰ আশা অনাগত দিনত কাল কৰোণাৰ বিভীষিকা অন্ত পৰিব আৰু ঘূৰি আহিব সকলো শিল্পীৰ বাবে সু-দিন ৷
লগতে,সাংস্কৃতিক ক্ষেত্ৰ খনৰ সৈতে জড়িত সকলোলৈ এক আশাৰ বতৰা যাতে কঢ়িয়াই আনে ইয়াকে লৈ আহ্বান জনাইছে নৱনিৰ্বাচিত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেবিনেট মন্ত্ৰী বিমল বৰালৈ।