বিশ্বনাথঃ যোৱা নিশা বিশ্বনাথৰ বৰগাঙত অনুষ্ঠিত জুবিন গাৰ্গৰ সংগীত অনুষ্ঠানত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। সংগীতানুষ্ঠানত একাংশ উদণ্ড যুৱকৰ ওপৰত আৰক্ষীয়ে চলাই লাঠীচালনা।

উল্লেখ্য যে, যোৱা নিশা বিশ্বনাথৰ বৰগাঙ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ সোনালী জয়ন্তী বৰ্ষ উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিল।

এই সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল যৱ প্ৰজন্মৰ জনপ্ৰীয় কন্ঠশিল্পী জুবিন গাৰ্গৰ সংগীত অনুষ্ঠান। এই সংগীত অনুষ্ঠান চলি থকা সময়তে একাংশ উদণ্ড যুৱকৰ উদ্ভণ্ডালীয়ে অতিষ্ঠ কৰে সাধাৰণ ৰাইজক।

অৱশেষত বিশ্বনাথ জিলা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলগীয়া হ’ল পৰিস্থিতি। যাৰ বাবে এইদৰে আৰক্ষী লাঠীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। কিন্তু আৰক্ষীৰ এই লাঠীচালনাৰ কোনো প্ৰভাৱ নপৰিল সংগীত অনুষ্ঠানত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply