মৰঙী: অসম বিধান সভাৰ ৯৪ নং সৰুপথাৰ সমষ্টিৰ বাবে বিজেপি অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনক প্ৰাৰ্থীত্ব প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে সৰুপথাৰ সমষ্টিৰ বিজেপি। মৰঙীৰ তেলগৰমত হাজোৰোধিক সমৰ্থকে বিপুল আদৰণি জনায় বিজেপিৰ ২০২১ৰ সৰুপথাৰ সমষ্টিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনক।মৰঙীৰ তেলগৰমৰ পৰাই তেখেতক মটৰচাইকেল গাড়ীৰ এক বিশাল সমদলেৰে আদৰি আনে সমৰ্থক সকলে।ইয়াৰ পিচত বিজেপি প্ৰাৰ্থী গৰাকীক অগপৰ দলীয় কায্যালয়ত অগপৰ দলীয় কাৰ্য্যকৰ্তা সকলে বিপুল আদৰণি জনায়।
নিশাই প্ৰাৰ্থী গৰাকীয়ে ৰঙাজানত এখন দলীয় মিটিংত অংশগ্ৰহণ কৰে।আনহাতেদি সৰুপথাৰ সমষ্টিৰ প্ৰাৰ্থী গৰাকীক হাজাৰোধিক সমৰ্থক সহ তেখেতৰ বাসগৃহৰ পৰা এক সমদলে বৰপথাৰ আৰু সৰুপথাৰ লৈ আদৰি নিয়ে।ইয়াৰ পিচত তেখেত অগপৰ সৰুপথাৰ সমষ্টিৰ অগপ কাৰ্যালয়ত উপস্থিত হৈ প্ৰাক্তন অগপ বিধায়ক বিনোদ গোৱালাক সাক্ষাৎ কৰে।সৰুপথাৰৰ পৰা তেখেতক উৰিয়ামঘাট লৈ যায় তাতে সমৰ্থক সকলে উস্ম আদৰণি জনায়।