গুৱাহাটী : বিজেপি অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ হোৱাৰ পিছত সোমবাৰে মিত্ৰদল অগপ আৰু ৰাজ্যিক বিজেপিৰ মাজত প্ৰথমখন আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হয়। বৈঠকত অগপ দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ৰাজ্যিক সমিতিৰ বিষয়ববীয়াৰ লগত মত বিনিময় কৰাৰ উপৰিও অনাগত সময়ত দুয়োটা দলৰ কাৰ্যকর্তাসকলে মিত্ৰতাৰ ধৰ্ম পালন কৰি ঐক্যবদ্ধভাৱে কেনেদৰে ৰাজ্য চৰকাৰৰ হৈ কাম কৰি যাব সেই সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰে।
বৈঠকত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস অনাগত সময়ত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, জিলা সভাপতি তথা দলৰ তৃণমূল পৰ্যায়ৰ কাৰ্যকর্তাৰ সহায় সহযোগত অগপ-বিজেপিৰ মিত্ৰতা আৰু অধিক সুদৃঢ় হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। লগতে সভাপতি গৰাকীয়ে আগন্তুক সময়তো ৰাজ্যিক আৰু জিলাৰ কাৰ্যালয় সমূহত এনেদৰেই সৌজন্যমূলক মত-বিনিময় বৈঠক অব্যাহত ৰখাৰ পৰামৰ্শ আগবঢ়ায়। ভাষণ প্ৰসংগত অগপ দলৰ সভাপতি অতুল বৰাই কয় যে, নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অগপ আৰু বিজেপি কাৰ্যকর্তাসকলৰ মাজত সু-সমন্বয় গঢ়ি তুলিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নেতৃত্বত বিজেপিৰ কাৰ্যকর্তাসকলে লোৱা পদক্ষেপ আদৰণীয় আছিল।
লগতে পঢ়ক : ড্ৰাগছ আসক্ত এজন যুৱক আটক কৰি ৰাইজে গতাই দিলে আৰক্ষীক
ইয়াৰ বাবে অগপ দলৰ সভাপতি গৰাকীয়ে ৰণজিৎ কুমাৰ দাসক আদি কৰি ৰাজ্যিক বিজেপিৰ কাৰ্যকর্তা সকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে ২০০১ চনৰ পৰা কংগ্ৰেছ দলে ধাৰাবাহিকভাৱে অসম শাসন কৰি এখন দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু অৰাজক অসম নিৰ্মাণ কৰিছিল। ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ শাসনত আহিয়েই দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে কঠোৰ হৈ জনতাৰ স্বাৰ্থত যিধৰণে কাম কৰি আছে সেইয়া পূৰ্বতে কোনো চৰকাৰে কৰা পৰিলক্ষিত হোৱা নাছিল। অসমৰ ৰাইজৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত সদায়েই এৰা ধৰা মনোভাবেৰে মিত্ৰতাৰ ধৰ্ম পালন কৰি যাব বুলি অগপৰ সভাপতি অতুল বৰাই মন্তব্য প্ৰদান কৰে।