গুৱাহাটী : ৰঙিয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাক অসম বিজেপিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।
শনিবাৰে, বিজেপিৰ ৰাষ্ট্ৰীয় ভৱেশ কলিতাক অসমৰ দলীয় দ্বায়িত্ব অৰ্পন কৰাৰ লগতে মণিপুৰ বিজেপিৰ নতুন সভাপতি হিচাপে সাৰদা দেৱীক নিয়োগ কৰে।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দুয়োজনকে এই দ্বায়িত্ব অৰ্পন কৰে বুলি দলটোৰ সাধাৰণ সম্পাদক অৰুণ সিঙে এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰে।

লগতে পঢ়ক : মাতৃৰ কাষত উপস্থিত হ’লগৈ বিধায়ক অখিল গগৈ
পাটাছাৰকুছিৰ বিধায়ক তথা বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাসে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পিছতে কলিতাক এই দায়িত্ব অৰ্পন কৰা হয়।
উল্লেখযোগ্য যে ভৱেশ কলিতা ২০১৬ চনত সোণোৱাল কেবিনেটৰ ৰাজ্যিক জলসিঞ্চন মন্ত্ৰী আছিল।
আনহাতে অহা বছৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া মণিপুৰত বিজেপিয়ে সাৰদা দেৱীক নতুন ৰাজ্যিক সভাপতি হিচাপে নিয়োগ কৰিছে। তেওঁৰ পূৰ্বে যোৱা মাহত ক’ভিডৰ ফলত মৃত্যুক সাবটি লোৱা ছাইখম টিকেন্দ্ৰ সিং মণিপুৰ বিজেপিৰ সভাপতি আছিল।