টীয়ক: জন আৰ্শীবাদ যাত্ৰাৰ অংশ হিচাপে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোনোৱালে সোমবাৰে বিয়লি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ আৰ্শীবাদ লয় ।
নামঘৰত শৰাই বন্তি আগবঢ়াই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । নাঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালক উষ্ণ সমৰ্ধনা জনোৱাৰ উপৰি প্ৰধানমন্ত্ৰী লৈ মন্ত্ৰী গৰাকীৰ হাতত বৰনামঘৰ উন্নয়নৰ বাবে কেতবোৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ পৰিচালনা সমিতিয়ে অৰ্পণ কৰে ।
তাৰপাছতেই ভকতসকলৰ লগত আলোচনাত মিলিত হয় সোনোৱাল।লগতে কেন্দ্ৰই তেওঁক দিয়া দ্বায়িত্ব যেন ৰাইজৰ আশীৰ্বাদত সুচাৰুৰূপে পালন কৰিব পাৰে তাৰ বাবে ৰাইজৰ চৰণত সেৱা আগবঢ়ায়।
ইপিনে নামঘৰ প্ৰাংগণত বিভিন্নজনৰ সৈতে মত বিনিময় কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে নামঘৰতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে।
ইপিনে ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰসাৰণৰ যি নিন্মগামী কাম তাৰ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ এতিয়াৰে পৰা প্ৰতিটো উন্নয়ন মুখী কাম অতি ক্ষীপ্ৰতাৰে সম্পন্ন হ’ব বুলি মত প্ৰকাশ কৰে।
লগতে পঢ়ক সুস্মিতা দেবৰ তৃণমূল যাত্ৰা: অসমৰ ৰাজনীতিত সম্ভাব্য প্ৰভাৱ