নিউজ ডেস্ক : ইছলামিক শক্তিৰ উচতনিত বৃহস্পতিবাৰে ছিপাঝাৰত চলা উচ্ছেদৰ সময়ত আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা হৈছিল, এই দাবী বিজেপিৰ সাংসদ দিলীপ শইকীয়াৰ।

শুকুৰবাৰে সাংবাদিকৰ আগত মঙলদৈৰ বিধায়ক গৰাকীয়ে কালিৰ ঘটনাত ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পি এফ আই) কে ধৰি ‘ৰাজনৈতিক তথা অৰাজনৈতিক তৃতীয় শক্তি’ জড়িত থকা বুলি অভিযোগ কৰে।

‘গৰুখুটিৰ ঘটনাৰ মাজত আমি পি এফ আইৰ কাম কাজৰ মিল দেখা পাইছো। উক্ত সংগঠনটোৰ উদ্দেশ্য কেৱল সমাজত অশান্তি সৃষ্টি কৰা,’ তেওঁ কয়। সংগঠনটোক ভাৰতৰ কেইবাখনো ৰাজ্যত নিষিদ্ধ ঘোষণা কৰা হৈছে।

আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মতে পূৰ্ব পৰিকল্পিতভালে বাহিৰৰ পৰা মানুহ আনি কালি আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা হৈছিল।

‘সন্দেহযুক্ত নাগৰিকসকলক উচ্ছেদ কৰা হৈছে আৰু এইক্ষেত্ৰত বিজেপি সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰৰ পক্ষত আছে,’ তেওঁ লগতে কয়।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে ছিপাঝাৰৰ গৰুখুটিত প্ৰশাসনে চলোৱা উচ্ছেদৰ সময়ত প্ৰতিবাদকাৰী আৰু আৰক্ষী প্ৰশাসনৰ মাজত হোৱা খণ্ডযুদ্ধত আৰক্ষীৰ গুলীত ২ জনকৈ লোক নিহত হোৱাৰ লগতে দুয়ো পক্ষৰ প্ৰায় ২০ জন লোক আহত হয়।

লগতে পঢ়ক : বায়ু সেনাত ফ্লাইং অফিচাৰ হিচাপে যোগদানৰ যোগ্যতা অৰ্জন অসমৰ NCC কেডাৰৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply