গুৱাহাটী : “অহা ১৭ ছেপ্তেম্বৰৰ দিনা ভাৰতীয় জনতা পার্টি কার্যকর্তাসকলে নিজ নিজ বুথত থকা নামঘৰ, সত্ৰ, মন্দিৰ তথা অন্যান্য উপাসনাস্থলীত পূজা-নৈবদ্য আগবঢ়োৱাৰ লগতে সন্ধিয়া দলৰ প্ৰতিজন কার্যকর্তাই নিজ নিজ বাসগৃহৰ পদুলিত এগছি বন্তি প্ৰজ্বলন।কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দীঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিব”। ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ উপ সভাপতি জয়ন্ত কুমাৰ দাস, মুখপাত্র কিশােৰ উপাধ্যায় আৰু সংবাদ কোষৰ আহ্বায়ক দেৱান জ্যোতি মৰলে ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়ােজিত এক সংবাদ মেলত এই কথা ঘােষণা কৰে।

উল্লেখযােগ্য যে ভাৰতীয় জনতা পার্টিয়ে সমগ্ৰ দেশতে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ জন্মদিন অহা ১৭ ছেপ্তেম্বৰ পৰা “সেৱা আৰু সমর্পণ”ৰ ২০ দিনীয়া কাৰ্যসূচী পালন কৰিব। এই কার্যসূৰ সৈতে সংগতি ৰাখিইে ভাৰতীয় জনতা পার্টি, অসম প্রদেশেও এলানী কার্যক্রম ৰূপায়ন কৰিব বুলি সাংবাদিক মেলত দলৰ জ্যেষ্ঠ নেতা তথা উপ সভাপতি জয়ন্ত কুমাৰ দাসে সদৰী কৰে।

উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্র মােদীয়ে প্রথমে মুখ্যমন্ত্ৰী আৰু পৰৱৰ্তী সময়ত প্রধানমন্ত্রী হিচাপে কার্যনিবাহ কৰা অহা ৭ অক্টোবৰৰ দিনা ২০ বছৰ সম্পূৰ্ণ কৰিব। তদুপলক্ষে দলৰ কার্যকর্তা সকলে ১৭ ছেপ্তেম্বৰৰ পৰা ৭ অক্টোবৰলৈ এই ২০ দিন সম্পূর্ণ সমর্পণ মনােভাবেৰে জনগণক সেৱা কৰাৰ জৰিয়তে দলক সর্বব্যাপী আৰু সম্পশী কৰাৰ প্রয়াস কৰিব। উল্লেখযােগ্য যে ২০০১ চনৰ ৭ অক্টোবৰৰ দিনা নৰেন্দ্ৰ মােদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে আৰু ২০১৪ চনৰ ২৬ মে’ তাৰিখে দেশৰ প্ৰধানমন্ত্রী হিচাপে শপত গ্ৰহণ কৰিছিল। সেয়েহে জন্মদিনৰ লগতে ২০ বছৰীয়া শাসন কালৰ এই অপূর্ব সংযােগৰ লগত সংগতি ৰাখি অহা ১৭ ছেপ্তেম্বৰৰ পৰা ৭ অক্টোবৰলৈ সমগ্ৰ দেশৰ লগতে অসম প্রদেশেও সেৱা আৰু সমর্পণেৰে ২০ দিনীয়া কাৰ্যসূচীৰ এক অভিযান আৰম্ভ কৰিব বুলি সংবাদ মেলত বিজেপি নেতালয়ে বর্ণনা কৰে।

এই সেৱা আৰু সমপৰ্ণৰ অভিযানৰ অংশৰূপে অহা ১৮ আৰু ১৯ ছেপ্তেম্বৰৰ তাৰিখে প্ৰতিটো বুথত স্বচ্ছতা অভিযান চলােৱাৰ উপৰিও বিশেষভাৱে ১৭ তাৰিখে বিশ্বকর্মা পূজা সম্পন্ন হােৱাৰ পিছত উক্ত মূৰ্তিৰােৰ প্ৰশাসনে নিদিষ্ট কৰি দিয়া ঠাইত বিসর্জন দিয়াৰ ব্যৱস্থা কৰা হ’ব। ২০ আৰু ২১ ছেপ্তেম্বৰ তাৰিখে অসমৰ বিভিন্ন অনাথ আশ্রম, বৃদ্ধাশ্রম, চিকিৎসালয় আদিত দলীয় কার্যকর্তাসকলে ফলমূল বিতৰণ কৰিব। ২২, ২৩ আৰু ২৪ ছেপ্তেম্বৰ তাৰিখে প্ৰতিটো জিলা সমিতিয়ে জিলা পর্যায়ত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিব। ২৫ ছেপ্তেম্বৰত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিন উপলক্ষে প্রতিটো বুথত স্মৃতিচাৰণ সভাৰ লগতে দৰিদ্ৰ লােকসকলক বিভিন্ন ধৰণৰ সহায় সহযােগিতাৰে এই দিন পালক কৰাৰ লগতে ২৫, ২৬ আৰু ২৭ ছেপ্তেম্বৰত জিলা পৰ্যায়ত যুৱ মৰ্চাৰ উদ্যোগত আৰু দলৰ সকলাে মৰ্চাৰ সহযােগত ৰক্তদান কার্যসূচী অনুষ্ঠিত কৰা হ’ব।

লগতে পঢ়ক : বোকাজানত UPLAৰ সংবাদমেল

২৮, ২৯, ৩০ ছেপ্তেম্বৰ আৰু ১ অক্টোবৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ প্ৰশাসনত থকা ২০ বছৰৰ উপলদ্ধিৰােৰৰ বিষয় লৈ জিলাসমূহত নাগৰিক সভা অথবা বুদ্ধিজীৱি সন্মিলনৰ আয়ােজন কৰা হ’ব।।২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তী উপলক্ষে খাদী আৰু কুটীৰ শিল্পসমূহক উদগণি যোগাৰলৈ বিশেষ অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে ২, ৩, ৪ আৰু ৫ অক্টোবৰ তাৰিখে ৰাজ্যৰ ৰাজহুৱা অনুষ্ঠান, প্রতিষ্ঠান আৰু বীৰ ৰীৰাঙ্গনা সকলৰ প্রতিমূৰ্তিত চাফাই অভিযান হাতত লােৱা হ’ব। তাৰােপৰি অসমৰ কমেও ৭১ সংখ্যক ঐতিহ্যমণ্ডিত পুখুৰী, নদী আদি পৰিষ্কাৰ কৰাৰ লগতে পেলনীয়া প্লাষ্টিকৰ সামগ্রী চাফাই কৰাৰ লগতে ইয়াৰ কু-ফলৰ বিষয়ে ৰাইজক জনাবলৈ সজাগতা অনুষ্ঠান আয়োজন কৰা হ’ব। ৬ আৰু ৭ অক্টোৰৰ দিনা প্ৰতিখন জিলাত দিব্যাংগ সকলৰ বাবে প্রয়োজনীয় বিভিন্ন সাজুঁলি প্ৰদান কৰা হ’ব। এই সকলােবােৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােপােল, ৰাজ্যিক সভাপতি ভৱেশ কলিত, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, উত্তৰ পূবৰ সাংগঠনিক সম্পাদক অজয় জামােল, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্র নাথ শর্মাৰ লগতে ৰাজ্য চৰকাৰৰ মন্ত্রীসকল, সাংসদসকল, বিষয়ববীয়া তথা মুখপাত্রসকল, বিধায়কসকলৰ লগতে সকলাে কার্যকর্তাই বিভিন্ন সময় তথা অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply