সোণাৰি : কংগ্ৰেছী বিধায়ক শ্বেৰমান আলি প্ৰসংগত সৰৱ হৈ উঠিছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাক্তন ছাত্ৰনেতা তপন কুমাৰ গগৈ। বিধায়ক শ্বেৰমান আলিয়ে শ্বহীদক ঘাটক আখ্যা দি গ্ৰেপ্তাৰ হোৱা কাৰ্যক আদৰণি জনাইছে সাংসদ তপন কুমাৰ গগৈয়ে।

সোণাৰিত আজি দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে কয়, “অসম আন্দোলনৰ শ্বহীদসকলক অপমান কৰাৰ অধিকাৰ কাৰো নাই। সেয়েহে শ্বেৰমান আলিক গ্ৰেপ্তাৰ কৰা হৈছে। তেখেতে উচিত শাস্তি পাব লাগে। ছবছৰীয়া ঐতিহাসিক অসম আন্দোলনত ৮৫৫ জন শ্বহীদ হৈছে, বহুজন ঘুণীয়া হৈছে চিৰ দিনৰ বাবে, বহু নাৰী ধৰ্ষিতা হৈছে। তেনে অৱস্থাত এজন জনপ্ৰতিনিধি হিচাপে শ্বেৰমানে আলিয়ে শ্বহীদসকলৰ প্ৰতি তুলুঙা মন্তব্য কৰা উচিত নহয় “।

ইফালে অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰ দায়বদ্ধ বুলি মন্তব্য কৰি সাংসদ তপন কুমাৰ গগৈয়ে কয়, বিগত চৰকাৰসমূহে অসম চুক্তিক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিছিল। কিন্তু বিজেপি চৰকাৰে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ন কৰিব বিচাৰে।

গতিকে চৰকাৰে এই সন্দৰ্ভত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি অসম চুক্তি ৰূপায়ন দপ্তৰ মন্ত্ৰী অতুল বৰাই নিজে আছুনেতৃত্বৰ লগত আলোচনাত বহিছে। আৰু বিস্তৃত আলোচনা কৰা হৈছে। ইফালে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলি প্ৰসংগত সৰৱ হৈ উঠিছে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ।

বিজেপিৰ স্বচ্ছতা অভিযান

সোণাৰিত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে বহু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই সংবাদ মাধ্যমৰ আগত। শ্বেৰমান আলি কোনো দিনেই যাতে জন প্ৰতিনিধি হব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰি সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয়, শ্বেৰমান আলিক জনপ্ৰতিনিধি হিচাপে অসমৰ জনসাধাৰণে নিবিচাৰে।

কোনো বিদেশীক সমৰ্থন কৰি খিলঞ্জীয়াক নস্যাৎ কৰাৰ অধিকাৰ নাই শ্বেৰমান আলিৰ । গতিকে শ্বেৰমান আলিয়ে কোনো দিনেই যাতে জনপ্ৰতিনিধি হব নোৱাৰে তাৰ ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰিব লাগে।

সোণাৰিত স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে যি উদ্দেশ্য লৈ অসম আন্দোলন হৈছিল সেই উদ্দেশ্য এতিয়াও সফল নহল বুলি মন্তব্য কৰা লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব সেয়া সফল হব বুলিও আশা প্ৰকাশ কৰে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১তম জন্মদিৱস উপলক্ষে “সেৱা আৰু সমৰ্পন” অভিযানৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰি বৰপুখুৰীত আজি স্বচ্ছতা অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হয়।

লগতে পঢ়ক-মহিলাৰ স্বাস্থ্যসেৱাক লৈ গোলাঘাটৰ ব্ৰহ্মপুত্ৰ অঞ্চলত সজাগতা সভা

এই কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, জিলা প্ৰভাৰী বিধায়ক তৰংগ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰ , এপিজিচিএলৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সাধাৰণ সম্পাদক স্বাক্ষৰজ্যোতি গগৈ, মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিংৰ লগতে চৰাইদেউ জিলা বিজেপিৰ বিভিন্ন মৰ্চাৰ তিনি শতাধিক সদস্য উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply