নিউজ ডেস্কঃ বটদ্ৰৱাত থানা জ্বলাই দিয়া ঘটনাক লৈ ইতিমধ্যে প্ৰায় ২০জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তৰ বাবে গঢ়ি দিয়া হৈছে এটা বিশেষ তদন্তকাৰী দল। তাৰ মাজতে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই।

বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে কয়- ”বটদ্ৰৱাত সংঘটিত ঘটনা অত্যন্ত নিন্দনীয় ঘটনা। আৰু এই ঘটনাৰ অন্তৰালত যিসকল লোক আছে সেই সকলে দেশৰ আইন ব্যৱস্থা হাতত তুলি লৈছে। বিজেপি চৰকাৰ থকা লৈকে এনে ধৰণৰ ঘটনা সহ্য কৰা নহ’ব। ইতিমধ্যে আমি এই ঘটনাৰ সৈতে জড়িত একাংশ লোকক গ্ৰেপ্তাৰ কৰিছো। অসমত এনে ধৰণে আইন হাতত লোৱা কোনো ব্যক্ত সাৰি যাব নোৱাৰে।”

লগতে দিলীপ শইকীয়াই সাংবাদিকৰ আগত কয়- ”মই সকলোকে আহ্বান জনাইছো যাতে কোনো লোকেই আইন হাতত তুলি নলয়। আৰু অসমৰ হিতৰ বিপৰীতে যি চিন্তা কোনো লোকৰ মনত আছে, তেওঁলোকক সেই চিন্তাৰ পৰা মুক্ত হ’বলৈ আহ্বান জনাইছো। অসম বা ভাৰতত থাকিলে তেওঁলোকে ইয়াৰে নিয়ম-নীতি মানি চলিব লাগিব।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply