নিউজ ডেস্কঃ দুই প্ৰাক্তন বিধায়কক কাৰাদণ্ডৰ ৰায় প্ৰদান ন্যায়ালয়ৰ। থাওৰাৰ বিজেপিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী আৰু বোকাখাত সমষ্টিৰ প্ৰাক্তন নিৰ্দলীয় বিধায়ক জিতেন গগৈক কাৰাদণ্ড প্ৰদানৰ ৰায়দান গোলাঘাট জিলা সত্ৰ ন্যায়াধীশৰ।
প্ৰাক্তন বিধায়ক দুজনসহ মুঠ ৫জনক কাৰাদণ্ড বিহা হৈছে। কাৰাদণ্ড বিহা আন তিনিজন ক্ৰমে ডম্বৰুধৰ গগৈ, বাবু গগৈ আৰু তৰুণ বৰা।
২০০৯চনত কাজিৰঙাত অনাধিকাৰ প্ৰৱেশেৰে অবৈধ মৎস চিকাৰত জড়িত আছিল আটাইকেইজন। উল্লেখ্য যে, প্ৰাক্তন বিধায়ক দুয়োগৰাকীয়ে আলফা সদস্য আছিল যদিও পাছলৈ আত্মসমৰ্পণ কৰে।