গুৱাহাটীঃ ৰাজ্যিক বিজেপিৰ পূৰ্ণাংগ কমিটী ঘোষণা। কমিটীখনত উপ–সভাপতিৰ দায়িত্ব লাভ কৰিছে সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, সাংসদ তপন কুমাৰ গগৈ, ৰেখাৰাণী দাস বড়ো, বিজুলী কলিতা মেধী, বিধায়ক নৱ কুমাৰ দলে, অশোক ভট্টৰায়, জয়ন্ত কুমাৰ দাস আৰু অজয় কোঁৱৰে।


সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছে ফণীন্দ্ৰনাথ শৰ্মা (সাংগঠনিক),পল্লৱ লোচন দাস,পুলক গোহাঁই আৰু দীপ্লু ৰঞ্জন শৰ্মাই৷সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছে কণাৰ্ড পুৰকায়ষ্ঠ, জগদীশ দত্ত, মেঘনা হাজৰিকা, অপৰাজিতা ভূঞা, বিধায়ক অজয় কুমাৰ ৰয়, বিধায়ীকা নন্দিতা গাৰ্লোচা, টিনামণি দৈমাৰী আৰু বিকুল ডেকাই।

পুনৰ কোষাধ্যক্ষৰ দায়িত্ব লাভ কৰিছে ৰাজকুমাৰ শৰ্মা আৰু মনোজ চৰফে (সহযোগী)।কাৰ্যালয় সম্পাদকৰ পদত পুনৰ সুশান্ত বিশ্বাস।মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্বৰ পৰা অপৰাজিতা ভূঞাক আঁতৰাই প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাক দায়িত্ব দিয়া হৈছে।

লগতে পঢ়কঃগোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰ চৌহদত সতী সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন

আনহাতে, অ’বিচি মৰ্চাৰ সভাপতি হিচাপে অশ্বিনী ৰায় সৰকাৰ, SC মৰ্চাৰ সভাপতি হিচাপে মুন স্বৰ্ণকাৰ, ST মৰ্চাৰ সভাপতি হিচাপে শিৱনাথ ব্ৰহ্মই দায়িত্ব লাভ কৰিছে।শান্তিয়াছ কুজুৰক দিয়া হৈছে সংখ্যালঘু মৰ্চাৰ সভাপতিৰ দায়িত্ব৷

ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক দিয়া হৈছে মুখ্য মুখপাত্ৰৰ দায়িত্ব৷ মুখপাত্ৰৰ দায়িত্ব দিয়া হৈছে পবিত্ৰ মাৰ্ঘেৰিটা, লক্ষ্য কোঁৱৰ,সুভাষ দত্ত, কিশোৰ উপাধ্যায়, জানকী খাউণ্ড,ৰাজদ্বীপ গোৱালা, কল্যাণ গগৈ,জুৰি শৰ্মা বৰদলৈ, ৰঞ্জীৱ শৰ্মা, পংকজ বৰবৰা,মানস ডেকা,ৰামকৃষ্ণ ঘোষ আৰু ৰূপম গোস্বামীক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,285 other subscribers

Leave a comment

Leave a Reply