টীয়ক, স্মৃতি প্ৰিয়া লাহনঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আজি এটা বছৰ সম্পূৰ্ণ কৰিছে। ইতিমধ্যে এই বৰ্ষপূৰ্তি উলহ মালহে কেন্দ্ৰীয়ভাৱে গুৱাহাটীত ৰাষ্ট্ৰীয় তথা ৰাজ্যৰ বহু কেইজন মন্ত্ৰী-বিধায়কৰ উপস্থিতিত উদযাপন কৰিছে ৰাজ্য চৰকাৰে।

অৱশ্যে তাৰ সমান্তৰালকৈ বিজেপি কৰ্মী তথা শুভাকাংক্ষী সকলেও জিলা তথা সমষ্টিয়ে সমষ্টিয়ে বৰ্ষপূৰ্তি উপলক্ষ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। টীয়কৰ ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰতো একেই পৰিৱেশ।

বৰনামঘৰ পৰিচালনা সমিতিয়েও আজিৰ এই শুভ ক্ষণত আৰ্শীবাদ প্ৰদান কৰিছে ৰাজ্য চৰকাৰখনক লগতে নেদেখাজনে যেন দুখীয়াৰ দুখ বুজিবলৈ চৰকাৰখনক আৰু শক্তি দিয়ক তাৰ কামনা কৰে।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ঢেকীয়াখোৱা বৰনামঘৰ প্ৰাংগণত যি মাধৱদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা কৰাৰ কথা সদৰি কৰিছিল সেয়া অনাগত দিনত সফল ৰূপায়ণ কৰিব বুলি আশা প্ৰকাশ কৰে। একেদৰে মুখ্যমন্ত্ৰীৰ অনুগামী বহুতো ব্যক্তি বৰ নামঘৰত উপস্থিত হৈ শৰাই আগবঢ়াই সেৱা ধৰি চৰকাৰখনৰ সফলতা কামনা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply