নিউজ ডেস্ক: অসম বিজেপিৰ মহিলা শাখাৰ সভানেত্ৰী আঙুৰলতা ডেকাই দন্ত চিকিৎসকৰ সম্পৰ্কে কৰা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। বিজেপি নেত্ৰী গৰাকীয়ে দন্ত চিকিৎসকৰ ওচৰলৈ চিকিৎসাৰ বাবে যোৱাৰ সময়ত যুবতী মহিলাই সমস্যাৰ সন্মুখীন হ’ব লগাত পৰে বুলি সংবাদমেলত নাৰীৰ শ্লীলতাহানীৰ বিষয়ে কবলৈ গৈ মন্তব্য কৰিছিল।আঙুৰলতা ডেকাই সংবাদ মেল সম্বোধন কৰি ৰোগী চোৱাৰ নামত পুৰুষ দন্ত চিকিৎসকে মহিলা ৰোগীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছিল।
অসম চিকিৎসা সেৱা সন্থাৰ ফালৰ পৰা এইসম্পৰ্কে তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে আঙুৰলতা ডেকাক এই বক্তব্যৰ বাবে ক্ষমা খুজিবলৈ দাবী জনাইছিল। সামাজিক মাধ্যমতো এই সম্পৰ্কে যথেষ্ট চৰ্চা হোৱাত প্ৰাক্তণ বিধায়িকা গৰাকীয়ে তেওৰ বক্তব্য ভুল ভাবে প্ৰচাৰ হোৱা বুলিহে মন্তব্য কৰিছিল।
এই ঘটনাৰ প্ৰতিবাদ কৰি আজি, ভাৰতীয় দন্ত সংস্থাৰ শিলচৰ শাখাৰ সভাপতি ডা: প্ৰদীপ কুমাৰ দাসে শিলচৰ থানাত এখন এজেহাৰ দাখিল কৰে |চিকিৎসক দাসে সংবাদমাধ্যমৰ আগত জনোৱা মতে দায়িত্বশীল ব্যক্তি এগৰাকীয়ে কৰা এই মন্তব্য মুঠেই গ্ৰহনযোগ্য নহয়।
দন্ত চিকিৎসক সকলক উদ্দেশ্যী কৰা এই মন্তব্য এই সেৱাৰ সৈতে জড়িত সকলোকে অপমানিত কৰিছে | এনে মন্তব্যৰ বাবে তেও ক্ষমা খোজাৰ প্ৰয়োজন। এনে ধৰনৰ কাৰ্যৰ বিৰোধীতা নকৰিলে এচাম অশুভ শক্তিয়ে উদগণি পাব ,যাৰ বাবে তেও আৰক্ষীৰ কাষ চাপিছে।
লগতে পঢ়ক হাফপেন্ট বিতৰ্কৰ তদন্ত ঘোষণা অসম কৃষি বিশ্ববিদ্যালয়ৰ