ৰঙিয়া : এইবাৰ ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকা এজন বিজেপি নেতা পৰিল আৰক্ষীৰ জালত। প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিজেপিৰ বিধায়ক ভবেশ কলিতাৰ অতিকৈ ঘনিষ্ঠ বিজেপি নেতা ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত। ৰঙিয়া আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকা বিজেপি নেতা প্ৰদীপ চৌধুৰী।

কামৰূপ আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই ৰঙিয়াৰ উদিয়ানাৰ পৰা আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী বিজেপি নেতা প্ৰদীপ চৌধুৰীক। ড্ৰাগছ সৰবৰাহকাৰী বিজেপিৰ নেতা জনৰ লগতে দহৰাৰ ৰুবুল আলী, আফচাৰ আলী, জিয়াউৰ ৰহমান আৰু পিতাম্বৰ হাটবজালীৰ চাইদুৰ ৰহমানক আটক কৰে আৰক্ষীয়ে। শনিবাৰে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক থানাৰ পৰা ৰঙিয়া ন্যায়িক দণ্ডাধীশৰ আদালতলৈ নিয়াৰ পথত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৫ জনক আদালতলৈ নিয়াৰ মূহুৰ্তত আৰক্ষীক বাধা প্ৰদান কৰে ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইজনৰ পৰিয়ালৰ লোকে। থানা চৌহদৰ গেট বন্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰিয়ালৰ লোকে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰিত কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীক কোনো পধ্যেই কেৰেপ নকৰে ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰিয়ালৰ লোকে।

লগতে পঢ়ক : চাকৰি : গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হৈছে বহুকেইটা পদ

পৰৱৰ্তী সময়ত আৰক্ষীয়ে বহু চেষ্টা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এগৰাকী প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ভবেশ কলিতাৰ অতিকৈ ঘনিষ্ঠ বিজেপিৰ এজন নেতা ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত থাককলৈ ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply