ডবকাত কয়লাৰ ট্ৰাকৰ পৰা ধন দাবী কৰা বিজেপি কৰ্মীক জেললৈ প্ৰেৰণ৷

ট্ৰাকৰ পৰা ধন দাবী কৰি অসম গো-সুৰক্ষা বাহিনীৰ কেন্দ্ৰীয় সম্পাদক ইকৰামুল হুছেইন জেললৈ

মোৰাঝাৰ আৰক্ষীয়ে বিজেপি কৰ্মীজনক আজি শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাত আদালতে অসম গো-সুৰক্ষা বাহিনীৰ কেন্দ্ৰীয় সম্পাদক ইকৰামুল হুছেইন পাটোৱাৰীক প্ৰেৰণ কৰে জেললৈ৷

উল্লেখ্য যে শনিবাৰে নীলবাগানৰ এখন পেট্ৰল পাম্পত ৰখাই থোৱা অৱস্থাত থকা NL 01 AB 1503 নম্বৰৰ ট্ৰাকখনত তালাচী চলাইছিল ইকৰামুলে৷ লগতে ট্ৰাকখনৰ গৰাকীৰ পৰা ডেৰ লক্ষ টকা বিচাৰিছিল ইকৰামুল আৰু তেওঁৰ লগত অহা দহজনীয়া এটা দলে৷

সেই সময়ত স্থানীয় ৰাইজে উত্তম মধ্যম দি ইকৰামুলক মোৰাঝাৰ আৰক্ষীক গতাই দিয়ে যদিও বাকীসকলে পলায়ন কৰে৷

ঘটনা সংক্ৰান্তত ট্ৰাকখনৰ গৰাকী জাকিৰ হুছেইনে মোৰাঝাৰ থানাত এটা গোচৰ তৰাত মোৰাঝাৰ আৰক্ষীয়ে ভা. দ. বি.ৰ 384/387/34 ধাৰাৰ অধীনত 39/22 নং গোচৰ ৰুজু কৰি আজি বিজেপি কৰ্মীজনক প্ৰেৰণ কৰে জেললৈ৷

আনহাতে এই ধন দাবীৰ ঘটনাত আন বহু লোক জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ সেইসকলক আটক কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে৷

লগতে পঢ়ক- সোণাৰিত অব্যাহত অবৈধ মদ-জুৱাৰ মুকলি আড্ডা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply