তিনিচুকীয়া – অৱশেষত গ্ৰেপ্তাৰ হ’ল বিজেপি নেত্ৰী দীপাঞ্জলি কাকতি। শনিবাৰে পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰা হয় দীপাঞ্জলি কাকতিক। নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দীপাঞ্জলি কাকতিক।

আৰক্ষীক প্ৰহাৰ কৰি পলাতক অৱস্থাত থকা বিজেপি নেত্ৰী দীপাঞ্জলি কাকতি অৱশেষত আৰক্ষীৰ জালত পৰিল। শনিবাৰে পুৱাৰ ভাগত দীপাঞ্জলি কাকতিক আৰক্ষীয়ে কাকপথাৰৰ নিজা বাসগৃহৰ গ্ৰেপ্তাৰ কৰে। বিজেপি নেত্ৰী গৰাকীক বর্তমান তিনিচুকীয়াৰ সদৰ থানাত আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিয়ে যোৱা বছৰ ডিচেম্বৰ মাহত কাকপথাৰত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰিছিল। কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰা অপৰাধত দীপাঞ্জলি কাকতিৰ বিৰুদ্ধে কাকপথাৰ থানাত গোচৰ ৰুজু কৰা হৈছিল যদিও ঘটনাৰ পিছৰে পৰা পলায়ন কৰি থকা দীপাঞ্জলি কাকতিক আৰক্ষীয়ে পলাতক ঘোষণা কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply