বাক্সা : এইবাৰ ড্ৰাগছৰ অবৈধ বেহাৰ লগত বিজেপি নেতাৰ পুত্ৰ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। বিপিএফ ত্যাগ কৰি বিজেপিত যোগদান কৰা বড়োভূমিৰ এগৰাকী ৰাজনৈতিক নেতাৰ পুত্ৰ ড্ৰাগছৰ বেহাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে। এই সংক্ৰান্তত মুখ খোলা নাই আৰক্ষীয়ে।

ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও বৃহৎ সাফল্য লাভ কৰিছে। উজনিৰ পৰা নামনিলৈকে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আৰক্ষীয়ে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ইতিমধ্যে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে কেইবাজনো সৰবৰাহকাৰীক। আৰক্ষীয়ে যিমানেই সফলতা লাভ কৰিছে সিমানেই অধিক তীব্রতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান।

এইবাৰ আৰক্ষীৰ অভিযানত শাসকীয় বিজেপি দলৰ এগৰাকী নেতাৰ পুত্ৰ জালত পৰা বুলি জানিবলৈ পোৱা গৈছে। নিৰ্বাচনৰ পূৰ্বে বিপিএফ দল ত্যাগ কৰি বিজেপিত যোগদনা কৰা ৰঞ্জা খুঙগৰ বাসুমতাৰীৰ পুত্ৰক আৰক্ষীয়ে ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। বাক্সা জিলাৰ কুমাৰীকাটাত আৰক্ষীয়ে অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত বাক্সা জিলাৰ শালবাৰী মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত এটা আৰক্ষীৰ দলে জিলাখনৰ কুমাৰীকাটাত উপস্থিত হৈ কুমাৰীকাটা আৰক্ষীৰ সহযোগত চেচাপানীত অভিযান চলাই থুলুংগা বসুমতাৰী নামৰ এজন যুৱকৰ লগতে অন্য এগৰাকী কুমাৰীকাটাৰ যুৱকক গ্ৰেপ্তাৰ কৰে। ইয়াৰে থুলুংগা বসুমতাৰী বিজেপি নেতা খুঙগৰ বাসুমতাৰীৰ পুত্ৰ আৰু অন্য যুৱক জনৰ নাম মহম্মদ আলীমুদ্দিন ৰহমান।

আৰু পঢ়কঃ অসম আন্দোলনত নিৰ্যাতিত ভূৱন ৰাজবংশী আজিও অবহেলিত

জানিব পৰা মতে বিজেপি নেতা জনৰ পুত্ৰ থুলুংগা বসুমতাৰীৰ জীম্মাৰ পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিছে।ঘটনা সন্দৰ্ভত কুমাৰীকাটাৰ আৰক্ষী তথা শালবাৰীৰ মহকুমা আৰক্ষী বিষয়াজনে বৰ্তমানলৈকে মুখ খুলা নাই। উল্লেখ্য যে কিছুদিন পুর্বে ৰঙিয়াত ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত অন্য এগৰাকী বিজেপি নেতা গ্ৰেপ্তাৰ হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply