গোৱালপাৰাত বিজেপিৰ পতন

গুৱাহাটী : গোৱালপাৰা জিলাত শূণ্য হ’ল বিজেপি। ২০১৬ চনত বিজেপিয়ে দখল কৰা জিলাখনৰ একমাত্ৰ আসনখনো এইবাৰ হেৰুৱালে বিজেপিয়ে। বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ অগপও নোৱাৰিলে গোৱালপাৰা জিলাৰ এখনো আসনত জয়লাভ কৰিবলৈ। ২০১৬ চনত দুধনৈ সমষ্টিৰ পৰা বিজেপি দলৰ হৈ বিজয়ী সাব্যস্ত কৰা প্ৰাৰ্থীজনেই এইবাৰ কাল হ’ল বিজেপিৰ বাবে।

দেওবাৰে ঘোষণা কৰা হয় অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। অসমৰ লগতে পাঁচখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত কৰা হয় দেওবাৰে। দেশজুৰি ক’ভিড মহামাৰীয়ে তাণ্ডৱলীলা চলাই থকাৰ বাবে এইবাদ ভোট গণনা সম্পূৰ্ণ ক’ভিড প্ৰ’টকলৰ মাজেৰে অনুষ্ঠিত কৰা হয়। অসমত পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত কৰিলে নিৰ্বাচনৰ ফলাফলে।

বিজেপিয়ে দিছপুৰ দখল কৰি অসমত পুনৰ এবাৰ শাসন চলাবলৈ প্ৰস্তুত যদিও গোৱালপাৰা জিলাত বিজেপিৰ ফলাফল মুঠেই সন্তোষজনক নহয়। জিলাখনত বিজেপিয়ে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল। গোৱালপাৰা জিলাৰ চাৰিখন আসনৰ ভিতৰত এখনো আসন বিজেপি তথা বিজেপিৰ মিত্ৰজোঁট দল অগপই লাভ কৰিব নোৱাৰাটো বিজেপি মিত্ৰজোঁটৰ এক বৃহৎ বিফলতা।

গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ, ৩৭ নং গোৱালপাৰা পূব, ৩৮ নং গোৱালপাৰা পশ্চিম আৰু ৩৯ নং জলেশ্বৰ এই চাৰিটা সমষ্টিত বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁট দল অগপই প্ৰতিদ্বন্দিতা কৰিও পৰাস্ত হ’বলগীয়া হ’ল। চৰকাৰ গঠন কৰিব নোৱাৰিলেও গোৱালপাৰাৰ চাৰিটা সমষ্টিত উৰিল কংগ্ৰেছৰ পতাকা।

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ঢৌত গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ সমষ্টি বিজেপিৰ দখললৈ আহিছিল যদিও এইবাৰ দুধনৈত শেষ হাঁহি মাৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী যাদৱ স্বৰ্গীয়াৰিয়ে। দুধনৈ সমষ্টিত বিজেপিৰ এই বিপৰ্যৰ আঁৰত আছে নেকি বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচনৰ ভুল ? পূৰ্বৰ বিধায়ক গৰাকীক টিকট প্ৰদান নকৰাৰ ফল বিজেপিয়ে সমষ্টিতো হেৰুৱাই ভোগ কৰিব লগা হৈছে।

দুধনৈ সমষ্টিত বিজয়ী লাভ কৰা কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছে ৭৭,৩৮৪ টা ভোট আনহাতে বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছে ৭৬,৪৫২ টা ভোট। বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে মাত্ৰ ৯৩২ টা ভোটৰ ব্যৱধানৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীৰ হাতত পৰাস্ত হৈছে। ভোটৰ এই অংকত বিজেপিক আগুৱাই যাব নিদিলে সমষ্টিটোত থকা বিজেপিৰ বিধায়ক দীপক ৰাভাই। দীপক ৰাভাই অংকত খেলি-মেলি লগোৱাৰ ফলতে সমষ্টিতো বিজেপিৰ দখললৈ নাহিল।

২০১৬ চনত দীপক ৰাভা বিজেপিৰ টিকট দুধনৈ সমিষ্টিৰ পৰা নিৰ্বাচিত হৈছিল যদিও এইবাৰ টিকট লাভ নকৰি দীপক ৰাভা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰে দুধনৈ সমষ্টিৰ পৰা। নিৰ্দলীয় হিচাপে দীপক ৰাভা জয়লাভ নকৰিলে যদিও লাভ কৰিলে ১৫,৪২৪ টা ভোট। দীপক ৰাভাৰ এই ১৫,৪২৪ টা ভোট কংগ্ৰেছক ক্ষতি নকৰিলেও এই ভোট বিজেপিক সমষ্টিতো পুনৰ দখল কৰিব নিদিলে।

উল্লেখ্য যে গোৱালপাৰা জিলাৰ আন তিনিটা সমষ্টি ৩৭ নং গোৱালপাৰা পূব সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আবুল কালাম ৰছিদ আলম ১,১২,৭১৬ টা ভোট লাভ কৰি অগপৰ প্ৰাৰ্থী জ্যোতি দাসক পৰাস্ত কৰে। ৩৮ নং গোৱালপাৰা পশ্চিম সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুৰ ৰছিদ মাণ্ডল ৮৪,৭৭২ টা ভোট লাভ কৰি বিজয়ী হোৱাৰ বিপৰীতে অগপৰ প্ৰাৰ্থী শ্বেৰ শ্বাহ আলম ৩৯,৭২৮ টা ভোট লাভ কৰি পৰাস্ত হয়। আনহাতে জলেশ্বৰত আফটাবুদ্দিন মোল্লাই ৭৫,৮২৬ টা ভোট লাভ কৰি সমষ্টিতো কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply