গুৱাহাটী : ভাৰতীয় জনতা পার্টি, অসম প্রদেশ, অনুসূচিত জাতি মৰ্চাৰ দ্বিতীয়খন ৰাজ্যিক কার্যনিবাহক সভা শুকুৰবাৰে হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত ভাৰ্চুৱেলযােগে অনুষ্ঠিত কৰা হয়। সভাত আদৰণি ভাষণ প্রদান কৰি উপস্থিত সকলক সম্ভাষণ জনাই ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সভাপতি নবাৰুন মেধিয়ে কয় যে ভাৰতীয় জনতা পার্টিৰ কাৰ্যকৰ্তাই ক্ষমতাৰ কাৰণে ৰাজনীতি নকৰে, সমাজ সেৱা তথা ৰাষ্ট্র নির্মাণৰ উদ্দেশ্য আগত ৰাখিহে কাম কৰে। তেওঁ কয় যে ভাৰতবৰ্ষৰ অনুসূচিত জাতি জনসাধাৰণে স্বাধনীতাৰ পাছৰে পৰা তুলনামূলকভাৱে অৱহেলিত হৈ আছিল।
২০১৪ চনত কেন্দ্ৰত নৰেন্দ্ৰ মােদী নেতৃত্বাধীন চৰকাৰ গঠন হােৱাৰ পিছত এই পৰিৱেশ সম্পূৰ্ণৰূপে সলনি হৈছিল বুলিও কয় নবাৰুন মেধিয়ে। ঠিক একেদৰে অসমতাে ২০১৬ চনত বিজেপি চৰকাৰ গঠন হােৱাৰ পাছত অনুসূচিত জাতিৰ কাৰণে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে তথা পূর্বতকৈ অধিক গুৰুত্বতা প্রদান কৰিছে আৰু ইয়াৰ ফলত অনুসূচিত জাতিৰ সকলাে স্তৰৰ ৰাইজ সন্তুষ্টি লভিব পাৰিছে বুলিও কয়।লগতে, নবাৰুন মেধিয়ে ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত মৰ্চাৰ কাৰ্যকর্তাসকলে বিভিন্ন শ্রেণীৰ ৰাইজৰ কাৰণে গ্রহণ কৰা মার্ক্স বিতৰণ, ভেকচিন প্রদান কার্যসূচী, খাদ্য সামগ্রী যােগান আদি সেৱামূলক কার্যকলাপৰ শলাগ লয়।
সভাত উপস্থিত থাকি ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই, জটিল পৰিস্থিতিৰ মাজতাে সীমিত সময়ৰ ভিতৰত ভাৰ্চুৱেলযােগে কার্যনিবার্হক সভাখন অনুষ্ঠিত কৰাৰ বাবে অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি নবাৰুণ মেধিকে আদি কৰি মৰ্চাৰ সকলাে কার্যকর্তাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। ভাষণ প্রসংগত সভাপতি গৰাকীয়ে কয় যে, “সৱকা সাথ, সৱকা বিকাশ, সৱকা বিশ্বাস” নীতিৰ আধাৰত পৰিচালিত হােৱা ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অনুসূচীত জাতি জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ বাবে বহু কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছে। সভাপতি গৰাকীয়ে দলৰ কার্যকর্তাসকলক সেৱা মনোভাৱেৰে এই আঁচনিসমূহ জনসাধাৰণ মাজত প্রবাহিত কৰিবলৈ আহ্বান জনায়।
ৰাজ্যিক বিজেপিৰ উপ সভাপতি তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই সভাত উপস্থিত থাকি, ২০২১ বৰ্ষৰ বিধানসভা নির্বাচনত ভাৰতীয় জনতা পার্টি, অসম প্রদেশ অনুসূচিত জাতি মৰ্চাৰ কাৰ্যকর্তাসকলে গ্রহণ কৰা শক্তিশালী ভূমিকাৰ শলাগ লােৱাৰ লগতে কয় যে মৰ্চাৰ কাৰ্যকর্তা সকলৰ সক্রিয়তাই দলটোক আৰু অধিক শক্তিশালী কৰি ৰাজ্যত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। মৰ্চাৰ কার্যকর্তা সকলে আগন্তুক সময়তাে এনেদৰেই সেবামূলক কামকাজৰ ধাৰা অব্যাহত ৰাখি দলৰ ভেটিক অধিক মজবুত কৰি ৰাখিব বুলি জয়ন্ত মল্ল বৰুৱাই আশা প্রকাশ কৰে।
ৰাজ্যিক কার্যনির্বাহক সভাত অনুসূচিত জাতি মৰ্চাৰ ৰাষ্ট্ৰীয় প্ৰভাৰী লাল সিং আৰ্য্য, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, অসম চৰকাৰৰ মন্ত্রী পিয়ুষ হাজৰিকা, ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লােচন দাস ভাচুৱেলযােগে অংশগ্রহণ কৰি সভাত উপস্থিত থকাসকলক উদ্দেশ্যি ভাষণ প্রদান কৰে। সভাত অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক যাদৱ দাসে শােক প্রস্তাৱ পাঠ কৰে, ধন্যবাদ সূচক প্রস্তাৱ পাঠ কৰে মৰ্চাৰ ৰাজ্যিক উপ সভাপতি কুশল মালাকাকৰে আৰু ৰাজনৈতিক প্রস্তাৱ পাঠ কৰে মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীৱ দাসে।
লগতে পঢ়ক : ৰাজ কুন্দ্ৰাৰ ৱেব চিৰিজত কাম কৰাৰ সুযোগ লাভ কৰিছিল অসমৰ এগৰাকী যুৱতীয়ে
সভাত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্র নাথ শৰ্মা, অনুসূচিত জাতি মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক নিলােপম দাস, বিজেপি অসম প্ৰদেশৰ উপ সভানেত্রী তথা অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক প্রভাৰী ৰেখাৰানী দাস বড়াে, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী পৰিমল শুক্লবৈদ্যৰ লগতে মৰ্চাৰ ৰাজ্যিক কার্যকর্তাসকল উপস্থিত আছিল। উল্লেখ্য যে উক্ত কার্যনির্বাহক সভাত ভাৰ্চুৱেলযােগে সমগ্র অসমৰ ৩৯ খন সাংগঠনিক জিলাৰ অনুসুচীত জাতি মৰ্চাৰ সভাপতি, মণ্ডল আৰু বুথৰ কাৰ্যকর্তাসকলে অংশগ্রহণ কৰিছিল।