জয়ন্ত মল্ল বৰুৱা

গুৱাহাটী : চৰকাৰী নীতি-নিৰ্দেশনাক নামানে জন প্ৰতিনিধিয়ে। বিজেপিৰ এগৰাকী বিধায়কে ক’ভিড প্ৰ’টকল ভংগ কৰাকলৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। নলবাৰীৰ বিজেপিৰ বিধয়াক জয়ন্ত মল্ল বৰুৱাই মাজ নিশা ক’ভিড প্ৰ’টকল ভংগ কৰি উলুবাৰীৰ চেলুনৰ কাটিলে চুলি-দাঁড়ি।

ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ দেশৰ লগতে অসমতো সংহাৰী ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে ক’ভিডত আক্রান্ত হৈ হাজাৰ হাজাৰ লোক মৃত্যুৰ মুখত পৰিছে। এতিয়াও ক’ভিডত আক্রান্ত হৈ আছে বহু লোক। ক’ভিডসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজ্যজুৰি ঘোষণা কৰিছে সান্ধ্য আইন।

ক’ভিড সন্দৰ্ভত চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে। ইতিমধ্যে ক’ভিড প্ৰ’টকল ভংগ কৰি আৰক্ষীৰ কোব খাইছে বহু লোকে। সাধাৰণ জনতাই ক’ভিড প্ৰ’টকল ভংগ কৰিলেই আৰক্ষীৰ কোব কিন্ত জন প্ৰতিনিধিয়ে ভংগ কৰিলে প্ৰসাদনে গ্ৰহণ নকৰে কোনো পদক্ষেপ।

ক’ভিড প্ৰ’টকল ভংগ কৰা জন প্ৰতিনিধি গৰাকী যদি শাসকীয় দলৰ হয় তেন্তে প্ৰশাসন চকু মুদা কুলিৰ ভাও ধাৰাটো একেবাৰে সাধাৰণ কথা। তেনে এক ঘটনা সংঘটিত কৰিলে শাসকীয় বিজেপি দলৰ বিধায়কে। নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই মহানগৰী গুৱাহাটীৰ উলুবাৰীৰ বি বৰুৱা ৰোডস্থিত ৰাজু ৰিয়াজ নামৰ চেলুনখনত নিশা ১২ বজাত চুলি-দাঁড়ি কাটিলে।

আৰু পঢ়কঃ চৰাইদেউ জিলাত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক

সান্ধ্য আইনৰ মাজতে নিশাৰ ভাগত চেলুন খুলি বিধায়ক জয়ন্ত মল্ল বৰুৱাই ক’ভিড সম্পৰ্কীয় চৰকাৰী নীতি-নিৰ্দেশনা ভংগ কৰি চুলি-দাঁড়ি কটা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে কভিডসৃষ্ট পৰিৱেশৰ বাবে দিনৰ ১২ বজাৰ পিছত সকলো দোকান-পোহৰ বন্ধ কৰা তেনে এক সময়ত এগৰাকী জন প্ৰতিনিধিয়ে চৰকাৰী নীতি-নিৰ্দেশনা ভংগ কৰা কাৰ্যৰ দ্বাৰা সাধাৰণ ৰাইজে কি শিক্ষা লাভ কৰিব ?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply