বৈঠালাংছ : সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচন। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসনাধিষ্ঠ বিজেপি দলটোৱে দলৰ সাংগঠনিক দিশটো অধিক কটকটীয়া কৰাৰ মানসেৰে বিভিন্ন কাৰ্যসূচী হাতত লোৱাৰ পৰিলক্ষিত হৈছে। তাৰে অংশ হিচাপে বিজেপিৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশমৰ্মে চলিত মাহৰ প্ৰথম সপ্তাহত পশ্চিম কৰ্বি আংলং জিলাৰ ভকচুঙত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল প্ৰশিক্ষণ অনুষ্ঠান।
সেই অনুষ্ঠানতে জিলা বিজেপিয়ে জিলাখনৰ বিভিন্ন মণ্ডল সমিতি সমুহক নিৰ্দেশ দিছিল যে, দলৰ ন পুৰণি সকলো কৰ্মীৰ মাজত এটা সুহৃদপূৰ্ন মনোভাৱৰ গঢ় দিব লাগিব। তেতিয়াহে দলটো আৰু অধিক আগবাঢ়ি যাব পাৰিব। সেয়ে সম্প্ৰতি জিলাখনৰ প্ৰতিটো মণ্ডলে মণ্ডলে দলটোৱে অনুষ্ঠিত কৰিছে মণ্ডল পৰিচয় বৰ্গ অনুষ্ঠান।
লগতে পঢ়ক : কাৰ্বি সাহিত্য সভা”ৰ ৩০তম বাৰ্ষিক অধিবেশনৰ লাইখুটা স্থাপন
শনিবাৰে জিলাখনৰ চিংথং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত উমলাফেৰত অনুষ্ঠিত হয় চিংথং মণ্ডল বিজেপিৰ পৰিচয় বৰ্গ অনুষ্ঠান। অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি ৰূদীপ ৰংহাং, স্থানীয় এম এ চি তথা কাৰ্বি পৰিষদৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি, জয়ছিং বংৰুম, দিত্যলাল হাচনু আদি বহু কেইজন নেতা উপস্থিত থাকে।