গুৱাহাটীঃ সংখ্যালঘুৰ সম্পৰ্কে সততে বিৰূপ মন্তব্য কৰি অহা বিজেপিয়ে ৫ জনকৈ সংখ্যালঘু প্রাৰ্থীক সমাগত বিধানসভা নিবাৰ্চনৰ দলীয় টিকট প্ৰদান কৰিছে। মঙলবাৰে বিজেপি অসম প্ৰদেশৰ খানাপাৰাস্থিত নিৰ্বাচনী কোষৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত প্রাৰ্থী সকলক টিকট প্ৰদান কৰে।

বাঘবৰ সমষ্টিত হাছিনাৰা খাতুন, দক্ষিন শালমাৰাত আছাদ্দুল ইছলাম, পশ্চিম বিলাসীপাৰাত ড০ আবু বক্কৰ ছিদ্দিক, জলেশ্বৰত ওছমান গণি, জনিয়াত ছইদুল ইছলামক প্ৰাৰ্থিত্ব দিছে ।

বিজেপি অসম প্ৰদেশৰ উপ-সভাপতি তথা সংখ্যালঘু মৰ্চাৰ প্রভাৰী স্বপ্ননীল বৰুৱা, ৰাজ্যিক সম্পাদক দিপ্লুৰঞ্জন শৰ্ম, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানে আজি আনুষ্ঠানিকভাবে দলীয় টিকট প্রদান কৰে।

ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানে কয় যে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৭ বছৰীয়া কাৰ্যকাল আৰু ৰাজ্যৰ চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালত সংখ্যালঘুসকলৰ উন্নয়নৰ বাবে সৰ্বব্যাপী আৰু সৰ্বস্তৰৰ আঁচনি গ্ৰহণ কৰিছে তথা অসমৰ সংখ্যালঘু অঞ্চলসমূহৰ জনসাধাৰণৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে।

সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহৰ শিক্ষিত যুৱক-যুৱতী তথা সমাজৰ অগ্রণী ব্যক্তিসকলৰ মাজৰ পৰা মুঠ ১০ জন প্ৰাৰ্থীক বিজেপিয়ে আৰু কেইবাখনো আসনত মিত্ৰজোট অগপই ইতিমধ্যে দলীয় টিকট প্রদান কৰি, মিত্রজোঁটে অসমৰ সকলো স্তৰৰ জনসাধাৰণক লৈ অসমৰ সৰ্বংগীন উন্নয়নৰ বাবে কাম কৰি যোৱাৰ বাৰ্তা প্রদান কৰিলে বুলি সংবাদমেলত ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি গৰাকীয়ে প্রকাশ কৰে।

এই সংবাদমেলখনত ৰাজ্যিক বিজেপিৰ সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, নিৰ্বাচনী সংবাদ কোষৰ আহ্বায়ক ড০ দেৱজিত মহন্ত উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,268 other subscribers

Leave a comment

Leave a Reply