নিউজ ডেস্কঃ” কংগ্ৰেছ দল মিঞাৰ দলত পৰিণত হৈছে । কেৱল মিঞাৰ তোষামোদ কৰা, মিঞাক ৰক্ষণাবেক্ষণ দিয়া , মিঞাৰ বাবে কাম কৰাৰ বাদে কংগ্ৰেছ দলে আন একো কাম নকৰে।
আমাৰ জাতীয় নায়ক সকলক অসন্মান কৰি অসমীয়াৰ স্বাভিমান-গৌৰৱক নষ্ট কৰিবলৈ কংগ্ৰেছী গুণ্ডা সকলে প্ৰয়াস কৰে। অসমৰ জনসাধাৰণে কংগ্ৰেছ দলক সেই কাৰণে বৰ চোতালৰ পৰা আঁতৰাই দিছে।” এই মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই।
বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে অসমৰ বৰঘৰত কংগ্ৰেছ দল যাতে পুনৰ বহিব নোৱাৰে তাৰ বাবে ৰাইজ সজাগ হ’ব লাগিব ৷
উল্লেখ্য যে, ১৯৮৩ চনৰ অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক বৰপেটা জিলাৰ বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে ঘাতক আখ্যা দিছিল। এই মন্তব্যৰ পিছতে উত্তাল হৈ পৰে ৰাজ্যৰ ৰাজনীতি।
বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই শ্বেৰমান আলীক কটু ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে শ্বেৰমান আলী ভাৰতীয় নাগৰিক হয় নে নহয় সন্দেহ আছে।
লগতে পঢ়কঃছাগলী ফাৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ এক সুন্দৰ নিদৰ্শন দেখুৱাইছে তেজপুৰৰ মানস প্ৰতিম শৰ্মাই
আনহাতে শ্বেৰমান আলীৰ এই মন্তব্যৰ পিছতে শ্বেৰমান আলীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠনে।