নিউজ ডেস্কঃ মঙলবাৰে, মৰিগাঁৱত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি বিজেপি দলৰ কাৰ্যবাহী সদস্যৰ সৈতে মত বিনিময় কৰা দেখা গ’ল। মুখ্যমন্ত্ৰী শৰ্মাই দলৰ সদস্য সকলক উদ্দেশ্য কৰি কয় যে, আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ উন্নত প্ৰদৰ্শন কৰিবলৈ  দল আৰু দলৰ মতাদৰ্শক সকলক তৃণমূল পৰ্যায়ত আৰু অধিক শক্তিশালী কৰিব লাগিব । আগন্তুক ২০২৪  চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে উন্নত প্ৰদৰ্শন কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।    

তদুপৰি ৰাজ্যিক কাৰ্যনিৰ্বাহকে নতুন দিল্লীত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকখনৰ মূল এজেণ্ডাৰ কিছু বিষয়ত চিন্তা-চৰ্চা কৰি গৰীৱ কল্যাণ যোজনা, জি-২০ প্ৰেচিডেঞ্চী ইত্যাদি সন্দৰ্ভত বিজেপি দলীয় সংকল্প সন্দৰ্ভত আলোচনা কৰি দলটোক সকলো পৰ্যায়তে সবল কৰি তোলাৰ বিষয়ত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়।

উল্লেখ্যযোগ্য যে, ৰাজ্যিক কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, বি জে পিৰ মন্ত্ৰী, সাংসদ, বিধায়ক, কাৰ্যনিৰ্বাহক সদস্য সকলকে প্ৰমুখ্যে কৰি দলৰ জ্যেষ্ঠনেতা আৰু কাৰ্যকৰ্তাসকল উপস্থিত থকা দেখা পোৱা যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply