মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত সোমবাৰে দিনৰ ১২ বজাত ৰাজ্যিক বিজেপিৰ একাংশ কৰ্মকৰ্তাই ক’ভিডৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে সাধাৰণ ৰাইজক মাস্ক বিতৰণ কৰে। বিজেপিৰ কৰ্মকতা সকলে এছ ডি আৰ এফ বাহিনীৰ সহযোগত হাটশিঙিমাৰী বজাৰ ছেনিটাইজেছন কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰে।

অসম বিজেপি সমৰ্থক সংঘৰ ৰাজ্যিক সাধাৰণ সম্পাদক মনিৰুজ্জামান মনি আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যিক বিজেপিৰ সদস্য আবু নাচিৰ মোল্লাৰ নেতৃত্বত জিলা সদৰ হাটছিঙিমাৰীত এই কাৰ্যসূচী ৰূপায়ন কৰা হয়। জিলাখনত এতিয়াও একাংশ লোক ক’ভিড পৰিস্থিতিক লৈ কোনো ধৰণৰ নীতি-নিৰ্দেশনা মানি নচলাৰ লগতে এতিয়াও লাখ লাখ লোক ক’ভিড পৰীক্ষা কৰাৰ পৰা বিৰত থকাৰ লগতে ভেকচিন গ্ৰহণ কৰিব বিচৰা নাই। সেই সকল লোকক উদ্দেশ্যি বিজেপিৰ কৰ্মকৰ্তা সকলে ৰাইজক এটা মাস্ক এবাৰ ব্যৱহাৰ কৰিব লাগে, বাৰে বাৰে হাত ভৰি ধুব লাগে, হেণ্ড ছেনিটাইজেছন কৰি থাকিব লাগে, সামাজিক দূৰত্ব বজাই ৰাখিব লাগে, সকলোৱে ক’ভিড পৰীক্ষা কৰি ভেকচিন গ্ৰহণ কৰিব লাগে বুলি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা চলায়।

আৰু পঢ়কঃ ৰাইজক দিয়া প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিম: সদনত মুখ্যমন্ত্ৰী

গাড়ী চালকৰ পৰা আৰম্ভ কৰি দোকানী তথা হাট-বজাৰত অহা সকলো লোকৰ মাজত বিজেপিয়ে সজাগতা সৃষ্টি কৰি মাস্ক বিতৰণ কৰে। ইফালে বজাৰখন ক’ভিড মুক্ত কৰিবলৈ বিজেপিৰ নেতৃত্বত এছ ডি আৰ এফ বাহিনীয়ে বজাৰখন সম্পূৰ্ণৰূপে ছেনিটাইজেছন কৰা পৰিলক্ষিত হয়। জিলাখনৰ গাঁও অঞ্চলত এতিয়াও একাংশ লোক সজাগ নোহোৱাৰ ফলত ক’ভিডৰ নীতি-নিয়ম গাঁও অঞ্চলত মানি চলা পৰিলক্ষিত হোৱা নাই। গাঁও অঞ্চললৈ গৈ বিজেপিৰ কৰ্মকৰ্তা সকলে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও বিজেপিৰ কৰ্ম কৰ্তা সকলে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply