ঢেকীয়াজুলি – বিভিন্ন দল-সংগঠনৰ লগতে বিজেপি কৰ্মীয়ে সাব্যস্ত কৰিলে বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিবাদ। ঢেকীয়াজুলিত বৰ্তমানৰ বিজেপি দলৰ বিধায়ক অশোক সিংহালৰ পুনৰ প্ৰাৰ্থীত্ব লাভৰ বিৰোধিতা। অশোক সিংহাল বিৰোধী শ্ল’গানেৰে উত্তাল ঢেকীয়াজুলি।
শাসকীয় বিজেপিয়ে মিত্ৰজোঁট অগপক সমষ্টি এৰি দিয়া আৰু বিৰোধী কংগ্ৰেছে মহাজোঁটৰ অন্যান্য দল সমূহক আসন এৰি দিয়াকলৈ উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ। সমষ্টিয়ে সমষ্টিয়ে প্ৰতিটো ৰাজনৈতিক দলৰ কৰ্মীক লাগে নিজ দলৰ প্ৰাৰ্থী। নিজ দলৰ প্ৰাৰ্থীৰ দাবীত ৰাজনৈতিক দলৰ কর্মী সকলে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে এইবাৰ বিজেপি কৰ্মীয়ে নিজ দলৰ প্ৰাৰ্থীৰ বিৰোধিতা কৰিছে।
ঢেকীয়াজুলিৰ বিজেপি কৰ্মীয়ে বিৰোধিতা কৰিছে অশোক সিংহালক প্ৰাৰ্থীত্ব প্ৰদানৰ। ঢেকীয়াজুলিৰ বৰ্তমানৰ বিজেপি বিধায়ক অশোক সিংহালক পুনৰবাৰ প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ খবৰে ক্ষোভিত কৰি তুলিছে সমষ্টিটোৰ বিভিন্ন দল-সংগঠনৰ লগতে বিজেপি কর্মী সকল।
অশোক সিংহালৰ প্ৰাৰ্থীত্বৰ বিৰোধিতা কৰি শুকুৰবাৰে ঢেকীয়াজুলিত বজৰং দল, আটছা, ভোজপুৰি ছাত্র সন্থা, বেংগলী ফেডাৰেচনৰ আৰু একাংশ বিজেপি কৰ্মীয়ে ঢেকীয়াজুলি নগৰৰ লগতে বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে অশোক সিংহাল মূর্দাবাদ, আমাক চালানি আম নালাগে আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদকাৰী দল-সংগঠন আৰু বিজেপিৰ কর্মী সকলৰ সমষ্টিটোত স্থানীয় প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ দাবী জনাইছে। যদি ঢেকীয়াজুলিত স্থানীন প্ৰাৰ্থীক প্ৰক্ষেপ কৰা নহয় তেন্তে বহু বিজেপি কৰ্মীয়ে দল ত্যাগ কৰাৰ হুংকাৰ দিয়ে।