তিতাবৰ: প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ নৌহওতেই প্ৰতিবাদৰ জোৱাৰ উঠিছে ৰাজ্যত।
বিশেষকৈ শাসনাধীষ্ঠ বিজেপিত এই প্ৰতিবাদ বেছিকৈ দেখা গৈছে।
তিতাবৰত কৃষ্ণমনি চুতীয়াই প্ৰৰ্থিত্ব পোৱাৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগে প্ৰতিকৃতি দাহ কৰিছে বিজেপি কৰ্মীয়ে। ইয়াৰ ফলত তিতাবৰ বিজেপিত প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাত মুকলি হৈ পৰিছে।
প্ৰাৰ্থীৰ তালিকাত কৃষ্ণমণি চুতীয়াৰ নাম উচ্চাৰণ হোৱাৰ পাছত তিতাবৰত কেইবাশতাধিক বিজেপি কৰ্মীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ।
কৃষ্ণমণি চুতীয়া গ বেক ধ্বন্নিৰে উত্তাল কৰি তোলে তিতাবৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প। জ্বলাই দিছে কৃষ্ণমণি চুতীয়াৰ প্ৰতিকৃতি। বিজেপিৰ কৰ্মীসকলৰ স্থানীয় বিজেপি নেতাক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনাইছে।