গুৱাহাটী – বিজেপি কৰ্মীয়ে সমষ্টিলৈ আদৰণি জনালে ধৰ্মেশ্বৰ কোঁৱৰক। সোণাৰি সমষ্টিত বিজেপিয়ে সমাজকৰ্মী ধৰ্মেশ্বৰ কোঁৱৰক প্ৰদান কৰিছে প্ৰাৰ্থীত্ব।
অসম বিধানসভা নিৰ্বাচনৰ বাবে সোণাৰি সমষ্টিত বিজেপি দলে সমাজকৰ্মী ধৰ্মেশ্বৰ কোঁৱৰক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। বিজেপি দলৰ প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতে শনিবাৰে ঢোলে-দগৰে ধৰ্মেশ্বৰ কোঁৱৰক সমষ্টিলৈ আদৰণি জনালে বিজেপি কৰ্মীসকলে।
শুকুৰবাৰে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা পিছত শনিবাৰে গুৱাহাটীৰ পৰা ঘৰলৈ অহা বিজেপিৰ প্ৰাৰ্থী গৰাকীক নাজিৰাৰ পৰা বিশাল সমদলেৰে আদৰণি জনোৱা হয় গৃহ জিলা চৰাইদেউলৈ।
গুৱাহাটীৰ পৰা পোনে পোনে চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হৈ টাই আহোম ধৰ্মীয় পৰম্পৰাৰে উপৰিপুৰুষক সোঁৱৰণ কৰা পিছত মৈদাম ক্ষেত্ৰৰ সমীপত অৱস্থিত নিজা বাসভৱনত উপস্থিত হোৱা ধৰ্মেশ্বৰ কোঁৱৰক বিজেপি দলৰ কৰ্মীসকলে সোণাৰিস্থিত চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়লৈ সমদল কৰি আদৰণি জনায়।