২৭ মে’ত বাঘজানৰ বিস্ফোৰণ কাণ্ডই এটা বছৰ সম্পূৰ্ণ কৰিলে। অইল ইণ্ডিয়াৰ এটা তৈল খাদত সংঘটিত উক্ত বিস্ফোৰণৰ জুইত বহু ঘৰ-বাৰী জ্বলি ছাই হৈ যোৱাৰ লগতে উক্ত বিস্ফোৰণৰ ফলত নিৰ্গত হোৱা ৰাসায়নিক প্ৰদূষণে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যাণৰ বিস্তৰ ক্ষতিসাধন কৰিছিল।
আনহাতে, ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে উক্ত বিপৰ্য্যয় সন্দৰ্ভত অইলৰ বিৰুদ্ধে যি ৰায় দিছিল তাত অসন্তুষ্টি প্ৰকাশ কৰি কলিকতাস্থিত এটা পৰিৱেশ সংস্থাই গোটেই বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে।

ক’লা দিন
বৃহস্পতিবাৰে পুৱা ১০.৩০ বজাত (২০২০ চনৰ সেই সময়তে বিস্ফোৰণ সংঘটিত হৈছিল) ক’ভিড প্ৰটকল মানি গাঁওবাসী সকলে এখন বিদ্যালয়ৰ প্ৰাংগণত একগোট হৈ উক্ত দিনটোৰ কৰুণ স্মৃতিত পতাকা উত্তোলন কাৰ্য্যসূচী পালন কৰে। এতিয়াৰ পৰা ২৭ মে’ তেওঁলোকৰ বাবে এটা ‘ক’লা দিন’।
বৃহস্পতিবাৰে সন্ধ্যালৈ নতুন ৰঙাপৰা আৰু মটাপুং গাঁৱৰ লোকসকলে নিজৰ নিজৰ ঘৰৰ পিৰালিত মমবাতি আৰু চাকি জ্বলাই উক্ত দিনটোক আকৌ এবাৰ সোঁৱৰে।
উল্লেখযোগ্য যে যোৱা বছৰ ২৭ মে’ত বাঘজানৰ ৫ নং তৈলখাদত সংঘটিত ভয়ংকৰ বিস্ফোৰণত নিৰ্গত হোৱা খাৰুৱা তেল আৰু ঘনীকৃত পদাৰ্থ (condensates) মাগুৰি-মতাপুং বিলত বিয়পী পৰাৰ ফলত বিলখনত থকা বিভিন্ন প্ৰজাতিৰ মাছৰ লগতে এটা শিহুৰ মৃত্যু হৈছিল। বিস্ফোৰণস্থলীৰ পৰা এক বৰ্গ কিলোমিটাৰ অঞ্চলজুৰি বাস কৰি থকা লোকসকলক তেওঁলোকৰ ঘৰ পৰা আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰা হয়।
৯ জুনত খাদটোত জুই লগাৰ ফলত অগ্নি নিৰ্বাপনৰ কামত নিয়োজিত অইলৰ দুগৰাকী কৰ্মচাৰীৰ মৃত্যু হয়। তেওঁলোকৰ উপৰি মৃত্যু হয় বহু চৰাই-চিৰিকটি আৰু জীৱ-জন্তুৰ, জ্বলি ছাৰখাৰ হয় কেইবাখনো ক্ষুদ্ৰ চাহ বাগান, শাক-পাছলিৰ আৰু তামুলৰ বাৰী। ১১০ দিন ধৰি জ্বলা এই জুই নুমুৱাবলৈ অইলে কানাডাৰ পৰা সা-সৰঞ্জাম আৰু ছিংগাপুৰৰ এটা বিশেষজ্ঞৰ দল আনিছিল।
অগ্নি নিৰ্বাপনৰ সময়ছোৱাত অইলৰ এগৰাকী অভিযন্তাৰো মৃত্যু হোৱাৰ লগতে বিস্ফোৰণৰ ফলত নিজৰ সমস্ত হেৰোৱাই ভাগি পৰা বাঘজানৰ এগৰাকী গঞাই আত্মহত্যাৰ পথ বাছি লয়। দুমাহ ধৰি ৯,০০০ হাজাৰ লোকে আশ্ৰয় শিবিৰত দিন পাৰ কৰিছিল।

লগতে পঢ়ক : চাকৰি : এন আই টি (NIT) শিলচৰত ৫৫টা পদত নিযুক্তি
জুই আৰু জুই
বাঘজান আৰু সমীপৰ নতুনগাঁৱৰ প্ৰায় ১৬২০ টা পৰিয়ালে দাবী কৰা মতে তেওঁলোকে অইলৰ পৰা আজি পৰ্য্যন্ত ক্ষতিপূৰণৰ সম্পূৰ্ণ পৰিমাণ লাভ কৰা নাই। অইল কৰ্তৃপক্ষৰ এক সূত্ৰ মতে, তিনিচুকীয়া জিলা প্ৰশাসনৰ সৈতে এই সম্পৰ্কত আলোচনা চলি আছে।
‘ক্ষয়-ক্ষতিৰ জৰীপ কৰি তাৰ মূল্যায়ন কৰাটো তিনিচুকীয়া জিলা প্ৰশাসনৰ দায়িত্ব। অইলে ক্ষতিপূৰণৰ নামত এই পৰ্য্যন্ত প্ৰায় ১৫০ কোটি টকা খৰচ কৰিছে।‘ সূত্ৰটোৱে জনায়।
৯ জুনৰ বিস্ফোৰণৰ জুইত ভস্মীভূত হোৱা গাঁওখনৰ প্ৰথমটো ঘৰৰ গৰাকী ৰিতু চন্দ্ৰ মৰাণে অইলৰ সা-সৰঞ্জামসূহ অৱৰোধ কৰি ৰাখিছিল। তেওঁৰ সম্পৰ্কীয় ভায়েক হেমন্ত মৰাণে জনোৱা মতে অইলে পিছত হেমন্তৰ ঘৰত ১১০ ধৰি জেনেৰেটৰ আৰু আন কিছু সৰঞ্জাম ৰখাৰ বিনিময়ত ভাড়া দিবলৈ মান্তি হয়।
কিন্তু ইয়াৰ কিছু বকেয়া ধন এতিয়াও দিবলৈ আছে বুলি উল্লেখ কৰি মৰাণে কয়, ‘অলপতে এখন মিটিঙত তেওঁক দিবলৈ বাকী থকা টকাখিনি দিয়া হ’ব বুলি সিন্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও এতিয়ালৈকে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।‘
বাঘজানৰ লোকসকলে অইলক বিস্ফোৰণস্থলী চাফা কৰিবলৈ দাবী জনাই আহিছে এই ক্ষেত্ৰটো ব্যৱস্থা লোৱা হোৱা নাই বুলি মৰাণে জানিবলৈ দিয়ে। জিলা প্ৰশাসন আৰু অইলৰ সৈতে আলোচনাত মিলিত হৈ থকা নাগৰিক গোটৰ এগৰাকী সক্ৰিয় সদস্য মৰাণে কয়, ‘মেচিনবিলাকৰ ভগা-ছিগা টুকুৰাবোৰ এতিয়া পচিবলৈ ধৰিছে। ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰা মাগুৰি মতাপুং বিলৰ পৰা ৰাসায়নিক দ্ৰব্যবিলাক পৰিষ্কাৰ কৰা নাই।‘
‘আমি জানো যে ক্ষতিপূৰণৰ কাম জিলা প্ৰশাসনে কৰিব কিন্তু ঠাইখিনি চাফা কৰাতো অইলৰ দায়িত্ব আৰু তেওঁলোকে সেই কাম এতিয়াও কৰা নাই,’ মৰাণে লগতে কয়।

ক্ষতিগ্ৰস্ত এলেকাত পৰাৰ পিছতো বাঘজান গাঁৱৰ উত্তৰ ফালে ৯৭১ টা পৰিয়াল জৰীপৰ পৰা বাদ পৰি ৰোৱাৰ অভিযোগ উঠিছে। অঞ্চলটোৰ আদিবাসী আৰু কৈৱৰ্ত লোকসকলকৰ হৈ মাত মাতি অহা ভাগীৰথ গোৱালাই কয় যে মানুহবিলাকে জুই নুমুৱাৰ পিছত এমাহলৈ (২০২০ চনৰ ডিচেম্বৰ) ধৈৰ্য্যৰে অপেক্ষা কৰিলে।
‘কিন্তু পিছত আমি দীঘলিটৰঙত থকা ই পি এছ (Early Production Storage)ত ধৰ্ণা কাৰ্য্যসূচী গ্ৰহণ কৰো। তাত অইল, তিনিচুকীয়া জিলা প্ৰশাসন আৰু স্থানীয় সংগঠনসমূহৰ উমৈহতীয়া মঞ্চ বাঘজান দীঘলিটৰং উন্নয়ন সমিতি মাজত তিনিখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ পিছত ৯৭১ টা পৰিয়ালৰ ক্ষতিপূৰণৰ কাম আৰম্ভ হ’ব বুলি আমাক প্ৰতিশ্ৰুতি দিয়া হৈছিল, কিন্তু এতিয়ালৈকে আমি আশাৰ কোনো মুখ দেখা নাই,’ তেওঁ কয়।
জিলা প্ৰশাসনৰ হৈ ডুমডুমা চক্ৰ বিষয়া নন্দিতা ৰয়ে গোহাঁয়ে জনাই যে ইতিমধ্যে বিভিন্ন বিভাগৰ দ্বাৰা ক্ষতিৰ জৰীপ কাৰ্য্য সম্পন্ন কৰা হৈছে এতিয়া স্থানীয় লোকসকলৰ সৈতে আলোচনা কৰি চূড়ান্ত প্ৰতিবেদন যুগুত কৰি থকা হৈছে।
আনহাতে গোৱালাই ‘সন্দেহ’ কৰে যে ‘এই জৰীপসমূহত কিছুমান বাহিৰৰ মানুহক অন্তৰ্ভুক্ত কৰা হৈছে’। ‘আমি চক্ৰ বিষয়া গৰাকীক কেৱল খাৰুৱা বস্তি, নাগবঞ্চি বস্তি, ইটাভাটা বস্তি, বঙালী চুক, কাচনি পথাৰ, দীঘলিটৰং বঙালী বস্তি আৰু গাহৰি বস্তিৰ লোকসকলক অন্তৰ্ভুক্ত কৰিবলৈ কৈছিলো,’ তেওঁ কয়।
পৰিৱেশ কৰ্মী তথা নতুন ৰঙাগড়া গাঁৱৰ নিৱাসী নিৰন্ত গোহাঁইৰ মতে, ‘বিস্ফোৰণস্থলীৰ পৰা ২ কিলোমিটাৰতকৈ কম দূৰত্বৰ নতুন ৰঙাগড়া গাঁৱৰ ৬৫০ গৰাকী লোকে সাময়িক ক্ষতিপূৰণ হিচাপে ২৫,০০০ টককৈ লাভ কৰিছে। তেওঁ কয়, ‘এই মানুহখিনিক ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে নিয়োগ কৰা ন্যায়াধিশ বি পি কটকী কমিটিয়ে ঠিক কৰা হিচাপত সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগিব। সম্পূৰ্ণ ক্ষতিপূৰণ নিদিয়া পৰ্য্যন্ত আমি ক্ষান্ত নহও।’

মূল লেখা : ‘Black day’ in Baghjan to mark one year since OIL disaster
একতৰফা দোষ
আনহাতে, ২০২১ চনৰ ১৯ ফেব্ৰুৱাৰিত ন্যায়াধিশ (অৱসৰপ্ৰাপ্ত) বি পি কটকী কমিটি ভংগ কৰি দিয়াৰ পিছত প্ৰায় ৬ মাহ ধৰি বিষয়টোৰ শুনানি গ্ৰহণ কৰি অহা ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে বিষয়টো একপ্ৰকাৰ বন্ধ কৰি দিয়ে। কটকীয়ে কমিটিৰ কাৰ্য্যকাল ৩১ মাৰ্চলৈকে বৃদ্ধি কৰিবলৈ আহ্বান জনাইছিল। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ পীঠে কটকীক তেওঁৰ তদন্তৰ প্ৰতিবেদন তিনিখন নতুন কমিটিক দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। কটকীৰ তদন্তত অইল আৰু গুজৰাটৰ প্ৰতিষ্ঠান জ’ন এনাৰ্জীৰ বিৰুদ্ধে কেইবাটাও নিয়ম ভংগৰ অভিযোগ সন্নিৱিষ্ট কৰা হৈছিল। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে অইলৰ পৰিচালন সঞ্চালক গৰাকীক উক্ত দুৰ্যোগৰ প্ৰভাৱ আৰু প্ৰতিকাৰৰ উপদেশ দিবলৈ গঠন কৰা এখন ১০ জনীয়া কমিটিৰ সদস্য বনায়।
অইলৰ বিৰুদ্ধে বন্যপ্ৰাণী আৰু মানুহৰ জীৱন-জীৱিকা ধ্বংস কৰাৰ অভিযোগ আনি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত আবেদন দাখিল কৰা কলিকতাৰ পৰিৱেশ কৰ্মী বনানী কক্কৰে ২১ এপ্ৰিলত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সিদ্ধান্তৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।
ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় উদ্যান আৰু বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলে সন্মুখীন হৈ থকা পৰিস্থিতিৰ গুৰুত্বক অৱহেলা বুলি পৰিৱেশ কৰ্মীগৰাকীয়ে অভিযোগ কৰে।
ইয়াৰ পূৰ্বেও অসম চৰকাৰৰ ফালৰ পৰা বিষয়টোৰ তদন্তৰ বাবে বহুকেইখন কমিটি গঠন কৰিছিল। নিৰন্ত গোহাঁইৰ মতে, ৱাইল্ডলাইফ ইন্সটিটিউট অৱ ইণ্ডিয়াৰ প্ৰতিবেদনৰ বাহিৰে বাকী এখনো প্ৰতিবেদন ৰাজহুৱা কৰা হোৱা নাই। ৱাইল্ডলাইফ ইন্সটিটিউট অৱ ইণ্ডিয়াৰ প্ৰতিবেদনত অঞ্চলটোত ব্যাপক প্ৰদূষিত কৰণ হোৱাৰ কথা প্ৰকাশ পাইছে।
এটা বছৰৰ পিছত, বাঘজানবাসীয়ে মৃত্যুক সাবটি লোৱা অইলৰ দুগৰাকী কৰ্মচাৰীৰ আত্মত্যাগ আৰু বিভিন্ন চৰাই-চিৰিকটি তথা ঘৰৰ আৰু বনৰ জীৱ-জন্তুবিলাকক মনত পেলোৱাৰ পৰত অনুভৱ কৰিছে যেন তেওঁলোক নিজেও অইলৰ দ্বাৰা বঞ্চিত হৈ ৰ’ল।
হেমন্ত মৰাণে কয়, ‘কোনেও যেন একো শিক্ষা নল’লে। মাগুৰি মতাপুং বিলৰ কাষত এতিয়াও নতুন নতুন তৈল খাদ স্থাপন কৰি থকা হৈছে। নাজানো ইয়াৰ পিছত কি দেখা পাম।‘
মূল লেখক : অনুপম চক্ৰৱৰ্তী