মঙলদৈৰ কৰিমচকৰ জ্যোতি নগৰত এটা ঘোঙে আতংকৰ সৃষ্টি কৰিছে। প্ৰকাণ্ড ঘোঙটোৰ আক্ৰমনত এগৰাকী বনকর্মীসহ দুজন আহত হৈছে ।
টংকেশ্বৰ শৰ্মা নামৰ বনকর্মী জনৰ লগতে ৪৭ বছৰীয়া অনন্ত কেওঁট আৰু মৃণ্ময় ডেকা নামৰ এজন ১২ বছৰীয়া কিশোৰ আহত হৈছে ঘোঙটোৰ আক্ৰমণত। ঘটনাস্থলীত বনকর্মী আৰু মঙলদৈ আৰক্ষীৰ উপস্থিতি হৈছে যদিও এতিয়ালৈকে ঘোঙটোক ধৰিবলৈ সক্ষম হোৱা নাই ।
বন বিভাগৰ লোক আহিছে যদিও ঘোঙ ধৰা বা ট্ৰেংকুইলাইজ কৰা সামগ্ৰী আনিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে একাংশ ৰাইজে ঘোঙ চাবলৈ আহি ঘটনাস্থলিত ভিৰ কৰিছে।
ঘটনাস্থলীত উপস্থিত হৈছে বিধায়ক বসন্ত দাস। দাসে চিকিৎসালয়ত উপস্থিত হৈ আহতসকলৰ খবৰ লোৱাৰ লগতে ঘোঙটো পিঞ্জৰাবদ্ধ নোহোৱা পৰ্যন্ত ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।