তেজপুৰঃ অহৰহ ক’লা ধোঁৱাই সৃষ্টি কৰা দুৰ্গন্ধময় এক পৰিৱেশ। তেজপুৰৰ নিকটৱৰ্তী বিন্দুকুৰিৰ সমীপৰ পক্ষীয়াঝাৰ গাঁওখনত দীৰ্ঘদিন ধৰি পুৱা ৫ বজাৰ পৰা ওৰে নিশাটো ক’লা ধোঁৱাই জনসাধাৰণৰ মাজত অবৰ্ণনীয় অৱস্থাৰ সৃষ্টি কৰিছে।
নিতৌ ক’লা ধোঁৱাৰ বাবে অসুস্থ হৈ পৰিছে জনসাধাৰণ। হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈছে শিশু। কিন্তু কাণসাৰ নাই প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ, জিলা প্ৰশাসনৰ ।
প্ৰশাসন আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগক অংগুষ্ঠ প্ৰদৰ্শন কৰি এই কাৰ্য নিৰ্বিঘ্নে চলাই আহিছে জনৈক আগৰৱালা নামৰ এগৰাকী পথ নিৰ্মাণ কৰা ঠিকাদাৰে।
তেজপুৰ চহৰৰ পৰা মাত্ৰ ১৫ কিলোমিটাৰ নিলগৰ এই গাওঁখনত ঠিকাদাৰী প্ৰতিষ্ঠানে কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰি জনসাধাৰণক দুৰ্বিসহ জীৱন যাপন কৰিবলৈ বাধ্য কৰাইছে।
বালিপুখুৰী তিনিআলিৰ পৰা বিন্দুকুৰি হৈ ৰঙাপৰালৈ ২০১৮ চনৰ পৰা নিৰ্মাণ কৰিবলৈ লোৱা পথটোৰ ঠিকাদাৰ গৰাকীয়েই জনসাধাৰণৰ স্বাস্থ্যলৈ গুৰুতৰ ভাবুকি কঢ়িয়াই সমগ্ৰ অঞ্চলটোক এক কদৰ্য পৰিৱেশলৈ সৃষ্টি কৰিছে।
লগতে পঢ়কঃফণী তালুকদাৰক উষ্ম আদৰণি জনাই মুখ্যমন্ত্ৰীয়ে আদৰি আনিলে দললৈ
কাহিলি পুৱাৰ পৰা ওৰেটো নিশা এতিয়া এই গাওঁখনৰ লোক সকলে অবিৰাম ক’লা ধোঁৱাৰ মাজত এক দুৰ্গন্ধময় পৰিৱেশত জীৱন যাপন কৰি শংকিত হৈ পৰিছে।
চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ নামৰ এক বিয়াগোম বিভাগ থকাৰ পিছতো ঘন জন বসতিপূৰ্ণ এই গাওঁখনত কেনেদৰে অহৰহ ক’লা ধোঁৱা নিৰ্গত হৈ থাকিব পৰা উদ্যোগ স্থাপন কৰিব পাৰিছে সেইয়া হৈছে এক ডাঙৰ প্ৰশ্ন।
সম্পূৰ্ণ নীতি বহিৰ্ভূত ভাবে শিলগুটি আৰু আলকাতৰা ভাজিবলৈ পক্ষীয়াঝাৰ গাঁৱত স্থাপন কৰা এই অস্থায়ী উদ্যোগ কেইটাক কোনে নাকী লগাব সেইয়া হৈছে গুৰুত্বপূৰ্ণ বিষয়।