গুৱাহাটী – দিল্লীৰ প্রখ্যাত ৬৫০ বিচনাযুক্ত বিএলকে চুপাৰ স্পেচিয়েলিটি হস্পিটেলে শনিবাৰে মহানগৰীৰ ইনষ্টাকেয়াৰ ক্লিনিকৰ সৈতে অংশীদাৰিত্বত কৰ্কট ৰােগীৰ বাবে গুৱাহাটীত প্রথম চার্জিকেল অংক’লজী অপিডি মুকলি কৰিছে। এই স্বাস্থ্যসেৱা প্রদানকাৰীয়ে উচ্চ মানদণ্ডৰ স্বাস্থ্যসেৱাৰ অভিগম্যতা থকা ৰােগীসকলক সক্ষমতা প্রদান কৰাৰ বাবে লােৱা আন এটা ৰােগী কেন্দ্রিক পদক্ষেপ। এই প্রতিষ্ঠানত মূৰ আৰু ডিঙিৰ কৰ্কট, স্তনকর্কট, হাঁওফাও আৰু খাদ্যনলীৰ কৰ্কট, ইউৰােলজিকেল কৰ্কট ৰােগ ৰােবােটিক অস্ত্রোপচাৰৰ আৰু কর্কট ৰােগৰ নিম্নতম প্রৱেশ অস্ত্রোপচাৰৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ আৰু চিকিৎসা প্রদান কৰিব। বিএলকে কেঞ্চাৰ চেণ্টাৰৰ অগ্রণী অংক’লজী চার্জন, চার্জিকেল অংক’লজী আৰু ৰােবােটিক অস্ত্রোপচাৰৰ এইচ.ও.ডি. ড০ সুৰেন্দৰ ডাবাছ আৰু চার্জিকেল অংক’লজী আৰু ৰােবােটিক অস্ত্রোপচাৰৰ পৰামর্শদাতা ড০ বিক্রম কুমাৰ ডেকাই ওপিডি সেৱা মুকলি কৰি জানিবলৈ দিয়ে যে তেওঁলােকে মাহে এবাৰকৈ ওপিডি পৰিদৰ্শন কৰিব।

উত্তৰ-পূব অঞ্চলত কৰ্কট ৰােগৰ ঘটনা এক উদ্বেগজনক বৃদ্ধি পােৱা বাবে চিকিৎসালয়খনে এই সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। ৰাষ্ট্রীয় কর্কট পঞ্জী কাৰ্যসূচী প্রতিবেদন (এনচিআৰপি), ২০২০ ত ২০১২ আৰু ২০১৬ চনৰ ভিতৰত পূর্ব-পূব ভাৰতত কৰ্কট ৰােগৰ সৰ্বাধিক ঘটনা লিপিবদ্ধ কৰা হৈছে। ৰােগীৰ সহজ আগমনৰ বাবে প্রতি মাহে একনির্দিষ্ট দিনত সেৱাবােৰ কার্যক্ষম হ’ব। এই অ’পিডি সেৱা আৰম্ভ হােৱাৰ লগে লগে বিভিন্ন বয়স বন্ধনী, সামাজিক-অর্থনৈতিক পৃষ্ঠভূমি আদিৰ ৰােগীসকলে এখন বেলেগ চহৰলৈ ভ্ৰমণ কৰাৰ অসুবিধা নােহােৱাকৈয়ে গুৱাহাটী আৰু ওচৰৰ অঞ্চলত সর্বশ্রেষ্ঠ পৰামৰ্শ আৰু চিকিৎসা লাভ কৰিব।

মুকলি অনুষ্ঠানত ড০ সুৰেন্দৰ ডাবাছে কয়, “গুৱাহাটীত আমাৰ অপিডি সেৱা আৰম্ভ হােৱাৰ লগে লগে ইউনিটটোৱে চহৰ আৰু ওচৰৰ অঞ্চলত অধিক ৰােগীক সেৱা আগবঢ়াবলৈ সক্ষম হ’ব। অত্যাধুনিক প্রযুক্তি আৰু উৎকৃষ্ট চিকিৎসা আৰু অস্ত্রোপচাৰৰ দক্ষতাৰ মিশ্ৰণৰ দ্বাৰা আমি ইতিমধ্যে নিজকে এক উচ্চ পর্যায়ৰ যত্ন কেন্দ্র হিচাপে প্রতিষ্ঠা কৰিছাে কিন্তু এতিয়া আমাৰ লক্ষ্য হৈছে আন চহৰৰ লােকসকলক আমাৰ চিকিৎসা প্রদান কৰা যাতে জীৱনৰ মানদণ্ড উন্নত হয়। কেন্দ্ৰবােৰ উচ্চ মানৰ আন্তঃগাঁথনি, অপাৰেচন থিয়েটাৰ, অত্যন্ত যােগ্য নার্চিং আৰু সমর্থন কর্মচাৰীৰ লগতে দেশৰ সর্বশ্রেষ্ঠসকলৰ ভিতৰত থকা আন্তর্জাতিক প্রশিক্ষিত চিকিৎসকেৰে পৰিপূর্ণ। কৌশল আৰু প্রযুক্তি উন্নত কৰাৰ দিশত গুৰুত্বই অস্ত্রোপচাৰ সুৰক্ষিত, নিম্নতম আক্রমণাত্মক আৰু ব্যয়-কাৰ্যকৰী কৰি আহিছে। গুৱাহাটীত এই ধৰণৰ উচ্চমানৰ দক্ষতা আৰু কর্কটৰ চিকিৎসা প্রদান কৰা অতি-বিশেষ অস্ত্রোপচাৰৰ অপিডিৰ বাবে ৰােগীসকলৰ মাজত চাহিদা আছিল। এই কেন্দ্ৰৰ আৰম্ভণিৰে, তেওঁলােকে এতিয়া দিল্লীৰ ৰােগীসকলৰ বাবে উপলব্ধ একে উচ্চ মানদণ্ডৰ চিকিৎসা পৰামৰ্শৰ পৰা লাভান্বিত হ’ব। সকলাে অস্ত্রোপচাৰ বিএলকে চিকিৎসালয়ত কৰা হ’ব, আনহাতে ৰােগীসকলক পৰামৰ্শ আৰু চিকিৎসা পৰামৰ্শৰ সৈতে পূর্ব আৰু পৰৱর্তী যত্ন ওপিডিত প্ৰদান কৰা হ’ব।”

ড০ বিক্ৰম কুমাৰ ডেকাই কয়, “বিএলকে চুপাৰ স্পেচিয়েলিটি হস্পিটেলত আমাৰ প্রচেষ্টা হৈছে সাধাৰণ মানুহক কৰ্কট ৰােগ সম্পর্কীয় বিষয়ৰ সৈতে সম্পর্কিত প্রাসঙ্গিক তথ্যৰে অৱগত কৰা। এই জীৱনশৈলীৰ ৰােগৰ মােকাবিলা কৰিবলৈ আমাৰ ওপিডিবােৰে পৰামৰ্শ আগবঢ়াব আৰু মানুহক এক স্বাস্থ্যকৰ জীৱনশৈলীৰক্ষা কৰিবলৈ উৎসাহিত কৰিব। ভাৰতত কৰ্কট ৰােগৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হৈছে আৰু ইতিমধ্যে বিশ্বৰ কৰ্কট ৰাজধানী বুলি উল্লেখিত হৈছে। ডাঙৰ মেট্ৰ’ৰ বাহিৰৰ ৰােগীসকলে বিশ্বমানৰ কৰ্কট ৰােগৰ যত্ন প্রাপ্ত কৰা আৰু দীর্ঘ দূৰত্বৰ ভ্ৰমণত বৃহৎ ব্যয় কৰিবলৈ অসুবিধা অনুভৱ কৰে। সমগ্র দেশৰ সৰু চহৰসমূহত আমাৰ তৃতীয় পর্যায়ৰ স্বাস্থ্যসেৱা সম্প্রসাৰিত কৰাৰ আমাৰ এক লক্ষ্য আছে। এই ওপিডিখনে চহৰখনৰ কৰ্কট ৰােগীসকলক বিশ্বমানৰ চিকিৎসা সমাধান তেওঁলােকৰ দুৱাৰমুখতে প্রদান কৰি গুৱাহাটীৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনিৰ এক মূল্যৱান সংযােজন হ’ব৷ আমাৰ ব্যাপক সেৱাত সকলাে পৰামর্শ আৰু অনুসন্ধান অন্তর্ভুক্ত থাকিব আৰু চিকিৎসাৰ বাবে সকলাে সেৱা প্ৰদান কৰা হ’ব।”

বিগত বছৰবােৰত, বিএলকে চুপাৰ স্পেচিয়েলিটি হস্পিটেল, নতুন দিল্লীয়ে সমগ্র দেশৰ বিভিন্ন অঞ্চলত স্বাস্থ্যসেৱা সুবিধাৰ আন্তর্জাতিক মানদণ্ড প্রদান কৰাৰ বাবে সক্রিয়ভাৱে কাম কৰি আহিছে। ইনষ্টাকেয়াৰ ক্লিনিকৰ ড০ ফিৰােজ আহমেদ, ড০ মহামায়া প্রসাদ সিং আৰু ড০ ৰাতুল বার্মাই কয়, “আমি দিল্লীৰ এখন আগশাৰীৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানৰ সৈতে সহযােগিতা কৰি উৎফুল্লিত আৰু এই পদক্ষেপ লােৱাৰ বাবে বিএলকে চুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ ড০ সুৰেন্দৰ দাবাং আৰু তেওঁৰ দলক ধন্যবাদ জনাব বিচাৰাে। আমি আশাবাদী যে এই ওপিডি সেৱা আৰু বিশেষজ্ঞসকলৰ পৰামৰ্শ আমাৰ জনসাধাৰণৰ বাবে বাবে যথেষ্ট লাভজনক হ’ব।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply