ৰূপহীহাট : জুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া জীতেন দাসে আজি শিক্ষা খণ্ডটোৰ অধীনস্থ বৰালিমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ এগৰাকী প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে । তিনি বছৰ সম্পূৰ্ণ হোৱা বিদ্যালয় পৰিচালনা সমিতি সমূহ ভংগ কৰিবলৈ আৰু এমাহৰ ভিতৰতে নতুন সমিতি গঠন কৰিবলৈ ২০২০ চনৰ জুলাই মাহতে চৰকাৰী ভাৱে নিৰ্দেশ প্ৰদান কৰিছিল প্ৰতিখন বিদ্যালয়ত।
কিন্তু জুৰীয়া শিক্ষা খণ্ডৰ অধীনস্থ বহু কেইখন বিদ্যালয়ত উক্ত নিৰ্দ্দেশ কাৰ্যকৰী কৰা নাছিল । কিছুদিন পূৰ্বে নতুনকৈ শিক্ষা খণ্ডটোত যোগদান কৰা খণ্ড শিক্ষা বিষয়া গৰাকীয়ে এই কথা অৱগত হোৱাত যি কেইখন বিদ্যালয়ে পৰিচালনা সমিতি গঠন কৰা নাই তাৰ প্ৰধান শিক্ষক সকলক তৎকালীন ভাৱে পৰিচালনা সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়ে ।
খণ্ড শিক্ষা বিষয়া গৰাকীৰ এই নিৰ্দেশ পাই বৰালিমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ বাহিৰে আন বিদ্যালয় সমূহে এই কাম সম্পন্ন কৰে । পিছত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে বিদ্যালয় খনৰ প্ৰধান শিক্ষক ক কৈফিয়ৎ তলব কৰাত প্ৰধান শিক্ষক ছাইফুদ্দিন আহমেদে চলিত বৰ্ষৰ সোতৰ আগষ্টত এখন সাধাৰণ সভা অনুষ্ঠিত কৰে যদিও দুজন লোকৰ নাম সভাপতিৰ কাৰনে প্ৰস্তাৱ হোৱাত সাধৰন সভাই কোনো সিদ্ধান্তত উপনীত হব নোৱাৰি নগাঁও জিলা শিক্ষা বিষয়ালৈ দুয়োগৰাকী প্ৰস্তাৱিত সভাপতিৰ নাম ঠিকনা লগতে শিক্ষাগত অৰ্হতা উল্লেখ কৰি প্ৰেৰনৰ সিদ্ধান্ত গ্ৰহন কৰে ।
জিলা শিক্ষা বিষয়াই শিক্ষাগত অৰ্হতা পৰীক্ষা কৰি পূৰ্বৰ সভাপতি মকবুল হুছেইন (মেট্ৰিকৰ দেওনা পাৰ নোহোৱা )ৰ বাবে আন গৰাকী প্ৰস্তাৱিত সভাপতি তজমল হুছেইন( উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ) ৰ বাবেই তজমল হুছেইনক যোৱা দহ ছেপ্তেম্বৰত এক নিৰ্দেশ (১৯৪ জে ) মৰ্মে সভাপতি নিৰ্বাচিত কৰে ।ইয়াতেই খৰ্গহস্ত হৈ পৰে বিগত কাৰ্য কালত সভাপতিৰ আসনত থকা মকবুল হুছেইন নামৰ লোকজন ।
মকবুল হুছেইনে বিভিন্ন চেষ্টা চলাইও সভাপতি ৰ আসনত অধিস্থিত হব নোৱাৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰত নামি পৰে ।আনকি মকবুল হুছেইনে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে তেওঁক সভাপতি পাতিব বুলি কৈ দহ হাজাৰ টকা লোৱা বুলিও এটা পৰ্টেল চেনেলৰ যোগে প্ৰচাৰ চলাই ।
লগতে পঢ়ক-কাইলৈৰ পৰা গুৱাহাটীত নাপাব অ’লা উবেৰ সেৱা
এনে অপপ্ৰচাৰত ক্ষুন্ন হৈ শিক্ষা বিষয়া গৰাকীয়ে বৰালিমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি মকবুল হুছেইন ৰ বিৰুদ্ধে আজি জুৰীয়া আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে ।