যোৰহাট- এজন যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস। বিয়াৰ দিনাই ৰভাঘৰতে ৰক্তদান কৰিলে যোৰহাটৰ এজন যুৱকে।

এইখনেই হ’ব অসমৰ প্ৰথমখন বিয়া য’ত আয়োজন কৰা হৈছে এক ৰক্তদান শিবিৰ । ”টিম হিউমেনিটি” নামৰ ৰক্তদান কৰা এই বৃহৎ সংস্থাটোৰ কেন্দ্ৰীয় সম্পাদক দিব্যজ্যোতি কলিতাৰ আজি শুভ বিবাহ।

দৰায়ে ৰক্তদান কৰাৰ পিছতেই বিবাহস্থলীত উপস্থিত থকা বিভিন্ন জনেও ৰক্তদান কাৰ্যসূচীত অংশ লয়।

দিব্যজ্যোতি কলিতাই বৰ্তমানলৈকে ৩৬বাৰ ৰক্তদান কৰিছে। বিবাহৰ দৰে এক মাংগলিক অনুষ্ঠানটো মানৱৰ সেৱা আগবঢ়াই যুগ্মজীৱনৰ পাতনি মেলিলে দিব্যজ্যোতি কলিতাই। সেয়েহে এনেধৰনেই নিজৰ বিবাহৰ মঙ্গোলিক অনুষ্ঠানতেই আয়োজন কৰিলে ৰক্তদান শিবিৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply