সোণাৰি : সোণাৰিত চৰাইদেউ আৰক্ষীৰ ৰক্তদান শিবিৰ। ৰজাপুখুৰীৰ চৰাইদেউ অসামৰিক চিকিৎসালয়ত অৰ্ধশতাধিক আৰক্ষীয়ে ৰক্তদান কৰিলে।
বিগত দুদিন ধৰি সোণাৰিত চৰাইদেউ আৰক্ষীয়ে ৰক্তদান কাৰ্যসূচী অব্যাহত ৰাখিছে।
এক অক্টোবৰত অসম আৰক্ষী দিৱস দিনৰ পৰা আৰম্ভ কৰা হৈছে এই ৰক্তদান শিবিৰ।
আজি গান্ধী জয়ন্তীৰ দিনটোত চৰাইদেউ জিলা আৰক্ষীয়ে ৰক্তদান শিবিৰ অব্যাহত ৰাখিছে। সোণাৰিৰ ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত এই ৰক্তদান শিবিৰত অৰ্ধশতাধিক আৰক্ষী বিষয়া তথা জোৱানে ৰক্তদান কৰে।
লগতে পঢ়ক : আপোন মানুহৰ সৈতে চাহৰ জুতি ললে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
উল্লেখ্য যে অসম আৰক্ষী দিৱসৰ দিনটোত চৰাইদেউ আৰক্ষীয়ে বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰিছিল জিলাখনত। আৰক্ষী দিৱসৰ লগতে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি অসম আৰক্ষীয়ে বিভিন্ন কাৰ্যসূচী হাতত লৈছে।