লখিমপুৰ – লখিমপুৰ আৰক্ষীয়ে আজি লখিমপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদৰ পৰা আটক কৰে তিনিটাকৈ তেজৰ দালালক। টীম হিউমেনিটি নামৰ এটা বেচৰকাৰী সংস্থাৰ প্ৰচেষ্টাত তথা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত লখিমপুৰ আৰক্ষীয়ে আটক কৰে এই তেজৰ দালালকেইটাক।
আটক কৰা তেজৰ দালাল কেইটা হৈছে নকাড়ীৰ মনোজ চাহু, খেলমাটিৰ বিজয় চৰকাৰ আৰু তেজপুৰ ঢেকিয়াজুলীৰ অজিত দাস। চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে তেজপুৰ ঢেকীয়াজুলীৰ অজিত দাসে বে-আইনী ভাবে ১৪০০ টকাত এক ইউনিট তেজ বিক্ৰী কৰিছিল খেলমাটিৰ বিজয় চৰকাৰক আৰু এই ব্যৱস্থা কৰি দিছিল নকাৰিৰ মনোজ চাহুৱে৷