আজিৰে পৰা মুঠ ৯০৩ টা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৪লাখ ১৯ হাজাৰ ৮৮৭ জন। আনহাতে হাইমাদ্ৰাছাৰ পৰীক্ষাৰ্থীৰ সংখ্যা ১১হাজাৰ ২৪৫ জন।

আনহাতে, আজিৰে পৰা অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাও। মুঠ ৭৯৬ টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছে। এইবাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ২ লাখ ১৫ হাজাৰ ২২ গৰাকী।

শিক্ষামন্ত্ৰীয়ে সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পৰীক্ষা সুকলমে হোৱাৰ আশা প্ৰকাশ কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ শীৰ্ষ দহটা স্থান থাকিব বুলিও মন্ত্ৰী গৰাকীয়ে কয়।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষভাবে সক্ষম ছাত্ৰ ছাত্ৰীৰ ভিতৰত৪৬ গৰাকী মুকবধিৰ আৰু ২১ গৰাকী পৰীক্ষাৰ্থীয়েও অবতীৰ্ণ হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply