নিউজ ডেস্কঃ অসম মাধ্যমিক শিক্ষা পৰিষদে বিক্ৰী কৰিব ২০২২ বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ উত্তৰবহী আৰু ৱেষ্টপেপাৰ।

ছেবাই এই অপ্ৰয়োজনীয় কাগজখিনি বিক্ৰী কৰাৰ ঘোষণা কৰিছে আৰু বিক্ৰী কৰিবলগীয়া এই কাগজৰ পৰিমান প্ৰায় ১১৫ টন।

অসম মাধ্যমিক শিক্ষা পৰিষদে উত্তৰবহী আৰু আৱৰ্জনা কাগজ বিক্ৰী কৰিবলৈ ইতিমধ্যে ই-টেণ্ডাৰ মুকলি কৰিছে।

ইয়াত পেলনীয়া কাগজ-পুনঃব্যৱহাৰ কৰা উদ্যোগ বা অনুৰূপ উদ্যোগৰ পৰা পুৰণি/আৱৰ্জনা কাগজ তুলিবলৈ অনুমোদিত পঞ্জীয়নভুক্ত প্ৰতিষ্ঠানৰ পৰা নিবিদা আমন্ত্ৰণ জনোৱা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply