নিউজ ডেস্ক: নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ আজি তৃতীয় দিন।এতিয়ালৈকে দুজন সন্ধানহীনৰ শুংশুত্ৰ পোৱা নাই উদ্ধাৰকাৰী দলে । নিমাতীৰ পৰা কাজিৰঙালৈকে অভিযান চলিছে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহল ।
লখিমপুৰ জিলাৰ নাওবৈচাৰ ৰামপুৰৰ শিক্ষক ইন্দ্রেশ্বৰ বৰাৰ বেগ আজি উদ্ধাৰ হৈছে বিশ্বনাথ ঘাটত । বেগৰ ভিতৰত পত্নীৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আদি পোৱা গৈছে ।
বিশ্বনাথৰ ছোৱাগুৰি ১নং মথাউৰিত উদ্ধাৰ হোৱা বেগটোত থকা সামগ্ৰী বোৰৰ ভিতৰত আছে ভোটাৰ কাৰ্ড , পান কাৰ্ড , আধাৰ কাৰ্ডত মহিলা গৰাকীৰ নাম লক্ষীমপুৰৰ কান্দুৰা পথাৰৰ ৰূপৰেখা বৰা আৰু তথ্য সমুহত উল্লেখ থকা সম্পৰ্কীত ব্যক্তিৰ নাম আছে ইন্দ্ৰেশ্বৰ বৰাৰ নাম । আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা অনুসৰি নিখোজ হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ হ’ব পাৰে এই বেগটো ।
ঢেকীয়াখোৱা নামঘৰত সেৱা লৈ পত্নীৰ সৈতে মাজুলী হৈ ঘৰলৈ পত্নীৰ সৈতে অভিশপ্ত নাও খনেৰে উভতি অহাৰ সময়তে দূৰ্ঘটনাত পতিত হোৱা নাও খনৰ পৰা পত্নীসহ বহুগৰাকী নাও যাত্ৰীক উদ্ধাৰ কৰাৰ পিছতেই সন্ধানহীন হৈ পৰিল ইন্দেশ্বৰ বৰা ওৰফে জান বৰা ।
আনহাতে যোৰহাটৰ নিৱাসী তথা মাজুলীৰ গড়মূৰ চিকিৎসালয়ৰ চিকিৎসক বিক্রমজিৎ বৰুৱাৰো সন্ধান লাভ কৰা নাই উদ্ধাৰকাৰী দলে।
এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান চলি আছে ।কালি গভীৰ নিশালৈকে অভিযান চলাইছিল । ঘটনাস্থলীৰ পৰা প্রায় ১.৫ কিল’মিটাৰ ভটিয়াই দুর্ঘটনাগ্রস্ত মা কমলা নাওখনৰ সন্ধান লাভ কৰাৰ পাছত নাওখনৰ কেইবাটাও অংশ কাটি ভিতৰত কোনো লোক আবদ্ধ হৈ আছেনেকি পৰীক্ষা কৰে যদিও তাত বেগ কেইটামানৰ বাহিৰে একো উদ্ধাৰ ন’হল ৷
অভিশপ্ত নাওখনৰ আহত যাত্ৰীসকল মাজুলীৰ ঘৰত উপস্থিত হৈছে । যোৰহাটৰ পৰা বগীবিল হৈ বাছেৰে প্ৰশাসনে নিয়ে মাজুলীলৈ ।
লগতে পঢ়ক আন্তঃৰাষ্ট্ৰীয় জলমাৰ্গৰ সপোন দেখুওৱা ৰাজ্য চৰকাৰে ৰাজ্যিক জল পৰিবহনৰ ব্যবস্থা কেতিয়া ভাল কৰিব